
নিৰ্দিষ্ট পদপথত খোজকঢ়াৰ অধিকাৰ ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা হৈছে। ই এক মৌলিক অধিকাৰ। উচ্চতম ন্যায়ালয়ে (SC on Footpath) শিশু মৃত্যুৰ গোচৰত ৰায়দান দি এই মন্তব্য কৰে।

শীৰ্ষ আদালতে লগতে পৰ্যবেক্ষণ কৰে যে পথত গাড়ী চলোৱাৰ অধিকাৰতকৈ এই অধিকাৰে অগ্ৰাধিকাৰ লাভ কৰে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহ আৰু এ এছ চন্দুৰকাৰৰ বিচাৰপীঠে কয় যে সংবিধানৰ ১৯(১)(ঘ) অনুচ্ছেদৰ অধীনত পদপথত খোজকঢ়াৰ অধিকাৰ সুৰক্ষিত। এই ধাৰাত সমগ্ৰ ভাৰতৰ ভূখণ্ডত মুক্তভাৱে চলাচল কৰাৰ অধিকাৰ দিয়া হৈছে। এই অধিকাৰ ভাৰতীয়ৰ মৌলিক অধিকাৰৰ অন্তৰ্গত। বিচাৰপীঠৰ পৰ্যবেক্ষণ, “যদি কোনো পথ থাকে, তেন্তে পথচাৰীৰ বাবে চিহ্নিত পদপথ থাকিব লাগিব।”
উচচতম ন্যায়ালয়ত পাঁচ বছৰীয়া শিশুৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ শুনানি চলি আছিল। আদালতৰ সূত্ৰ অনুসৰি, শিশুটিক পিতৃয়ে পুৱা স্কুললৈ লৈ গৈ আছিল। সেই সময়তে এখন টেংকাৰে পিছফালৰ পৰা শিশুটিক খুন্দা মাৰে। দুৰ্ঘটনাটোত শিশুটিৰ কঁকাল আৰু কঁকালৰ তলৰ অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শিশুটিৰ মৃত্যু হয়। ঘটনাস্থলীত কোনো পদপথ বা পথচাৰীৰ ক্ৰছিং নাছিল।
উক্ত ঘটনাত ক্ষতিপূৰণৰ দাবী উত্থাপন হৈছিল। গোচৰটো উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰে উচ্চ ন্যায়ালয়ে।
উক্ত গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় যে যদি চিহ্নিত পদপথত খোজকঢ়াৰ অধিকাৰ খৰ্ব কৰা হয়, তেন্তে নাগৰিকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ আৰু প্ৰতিকাৰৰ দাবী নিশ্চিতভাৱে কৰিব পাৰে।
মটৰ গাড়ী আইন, ১৯৯৮ৰ অধীনত প্ৰতিকাৰ লাভৰ অধিকাৰ আছে। নিৰ্বাচিত আৰু আৰামদায়ক পদপথৰ অভাৱ দীৰ্ঘদিনীয়া সমস্যা বুলি আদালতে পৰ্যবেক্ষণ কৰে। ভাৰতত বিশেষকৈ চহৰবোৰত প্ৰায়ে যাতায়াতৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। পথচাৰীৰ খোজকঢ়াৰ অধিকাৰ অৱহেলিত হৈ আছে।
কিন্তু সংবিধানে সদায় পথচাৰীৰ খোজকঢ়াৰ অধিকাৰক অগ্ৰাধিকাৰ দিয়ে। এই অধিকাৰ বাহন ব্যৱহাৰৰ বহু আগতেই আছিল। উচ্চতম ন্যায়ালয়ে এই গোচৰত ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰিছে। আদালতে জনোৱা মতে, মৃত শিশুটিৰ পৰিয়ালক ১১ লাখ ৪৪ হাজাৰ ৬২৮ টকা ক্ষতিপূৰণ দিব লাগিব। ইয়াক দুমাহৰ ভিতৰত পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।










