ASSAM TIMES POST
গুৱাহাটী: ৰাষ্ট্ৰদ্ৰোহী গোচৰত অভিযুক্ত চার্জিল ইমামক ন্যায়িক জিম্মালৈ প্ৰেৰণ।কামৰূপ জিলা মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুক্ৰবাৰে চার্জিলক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ প্ৰেৰণ কৰিছে।উল্লেখ যে অসম আৰক্ষী মুঠ ৮দিনৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত চার্জিলক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত হাজিৰ কৰোৱা হয় আদালতত।তদন্ত কাৰী আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত নিবিচৰা বাবে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে শ্বাহীনবাগত অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ প্ৰদান কৰাৰ পিছতে অসম চৰকাৰে নিজাকৈ গোচৰ ৰুজু কৰি যোৱা ২০ফেব্ৰুৱাৰীত দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হৈছিল চার্জিলক।প্ৰথম আদালতে ৪দিনৰ বাবে আৰক্ষী জিম্মাত দিছিল যদিও তদন্তকাৰী আৰক্ষীয়ে চার্জিলক আৰু নিজৰ জিম্মাত বিচৰাত আদালতে বৃদ্ধি পুনৰ ৪দিনৰ বাবে ম্যাদ।

আনহাতে চার্জিলক আদালত হাজিৰ কৰোৱা সময়ত কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ চৌহদত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা।কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহুফালি আদালত চৌহদৰ ভিতৰতে চার্জিলক কাৰাগাৰ লৈ প্ৰেৰণ কৰাৰ সময়ত আক্ৰমণ কৰিবলৈ চুছালয় অখিল ভাৰত বিদ্যাৰ্থী পৰিষদ আৰু আৰএছএছৰ একাংশ সদস্য তথা সমৰ্থকে।লগে লগে সমগ্ৰ আদালতৰ চৌহদ উত্তাল কৰি তোলে।আদালতৰ ভিতৰতে ভাৰত মাতা কি জয়, বন্দে মাতৰম, চার্জিল ইমাম মূর্দাবাদ ধ্বনি দিয়ে।
আদালত চৌহদৰ ভিতৰতে চৰকাৰী ধন খৰছ কৰি চার্জিল ইমামক জীয়া ৰখা কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰি এবিভিপি আৰু আৰএছএছ সদস্য সকলে কয় “এনকাউণ্টাৰ কৰি গুলীয়াব লাগে।তাৰ বাহিৰে গত্যন্ত নাই।আমি বিচাৰিছো ৰাইজৰ হাতত এই বিলাক শত্ৰুক গতাই দিয়ক তাৰ ব্যৱস্থা ৰাইজে নিজে লব”।
চার্জিলৰ দৰে দেশদ্রোহীয়ে অসমীয়া ভৱিষ্যত নিৰূপণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁলোকে আৰু কয় ” দ্বিতীয়বাৰ যদি আকৌ এনেকুৱা মন্তৱ্য কোনোবাই ৰাখে এইবাৰ গুলী কোনে মাৰিব তাৰ ঠিক নাই”।













