ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

Staff Reporter by Staff Reporter
June 20, 2026
Reading Time: 1 min read
A A
0
Yogi Adityanath I ৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়ক, ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

ৰাম মন্দিৰৰ অনুদান চুৰি কৰাৰ অভিযোগত সমগ্ৰ দেশতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। এইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে (Yogi Adityanath) ঘটনা সন্দৰ্ভত মুখ খুলিছে।

Yogi Adityanath I
ৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথ:

এই ঘটনা কোনো ধৰণে সহ্য কৰা নহ’ব বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰি কয় যে ইয়াৰ লগত জড়িত কোনেও ৰেহাই নাপাব। লগতে এই ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

আদিত্যনাথে আবেদন জনাইছে যে যদি কোনো লোকৰ হাতত এই অভিযোগৰ সৈতে জড়িত কোনো প্ৰমাণ আছে তেন্তে তেওঁলোকে এছআইটিৰ হাতত গতাই দিব লাগিব। তেওঁ কয়, “আমি ৰামচন্দ্ৰৰ বাবে ৫০০ বছৰ অপেক্ষা কৰিছোঁ। এছআইটিক ১৫ দিন দিয়ক।”

প্ৰতিদিনে ৰাম মন্দিৰত বৃহৎসংখ্যক ভক্তৰ সমাগম হয়।সকলোৱে প্ৰণামী বাকচত যিমান পাৰে দান দিয়ে। ৰাম মন্দিৰৰ দান বাকচত ধন, সোণ, গহনা আদিৰে ভৰি আছে। বিদেশৰ পৰাও চান্দা আহে। অভিযোগ যে চান্দাৰ ধন চুৰি হৈছে। টকাৰ উপৰি বিভিন্ন অলংকাৰো নিয়া হৈছে। সেই অভিযোগ পোহৰলৈ অহাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। এই ঘটনা কেনেকৈ সংঘটিত হ’ল সেই লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে।

শুকুৰবাৰে এক অনুষ্ঠানত মুখ্যমন্ত্ৰী আদিত্যনাথে ৰাম মন্দিৰৰ ঘটনা সন্দৰ্ভত মুকলিকৈ কয়। এছআইটি গঠনৰ কথা ঘোষণা কৰি সকলোকে শান্ত হৈ থাকিবলৈ আহ্বান জনায়। তেওঁৰ এই অনুৰোধ কাৰো প্ৰভাৱত পৰিব নালাগে বুলিও কয়। এছআইটিয়ে নিজাববীয়াকৈ তদন্ত কৰিবলৈ কমেও ১৫ দিন দিব লাগে বুলি কয়।

তেওঁ কয়, “ৰামভক্তসকললৈ মোৰ বিনম্ৰ অনুৰোধ, ভগৱান ৰামে আমাক মৰ্যাদা আৰু সংযমৰ পথত খোজ দিবলৈ শিকাইছে। আমি ৫০০ বছৰ ধৰি অনুশাসনৰ সৈতে সংগ্ৰাম কৰি আহিছোঁ ৰাম জন্মভূমি পুনৰুদ্ধাৰ কৰিবলৈ। আৰু ১৫ দিন অপেক্ষা কৰক। ধৈৰ্য ধৰক। চিন্তা নকৰিব।”

একে সময়তে আদিত্যনাথে বিৰোধীকো লক্ষ্য কৰি লয়। অযোধ্যাক অপ্ৰয়োজনীয়ভাৱে ‘বদনাম’ নকৰাকৈ তদন্তকাৰীক সহায় কৰিব লাগে বুলিও তেওঁ কয়। কংগ্ৰেছক আক্ৰমণ কৰি আদিত্যনাথে কয়, “তেওঁলোকে ৰাম মন্দিৰৰ বিৰোধিতা কৰিছিল। আনকি ভগৱান ৰামৰ অস্তিত্বক লৈয়ো প্ৰশ্ন উত্থাপন কৰি শপতনামাও দাখিল কৰিছিল। এতিয়া কংগ্ৰেছে অযোধ্যাৰ উন্নয়নৰ কথা কৈছে।”

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছে এতিয়া কৈছে যে ৰামভক্তক অপমান কৰা হৈছে। যেতিয়া উচ্চতম ন্যায়ালয়ত ভগৱান ৰামৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছিল, তেতিয়া সেয়া অপমান নাছিল নেকি?” কংগ্ৰেছৰ উপৰি আদিত্যনাথে সমাজবাদী পাৰ্টীকো লক্ষ্য কৰি লয়। আনহাতে, ৰাম মন্দিৰৰ বাবে ধন অপব্যৱহাৰৰ অভিযোগ উত্থাপন হোৱা বিতৰ্কৰ মাজতে ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই সংস্কাৰৰ পোষকতা কৰিছে।

ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “কথিত অনিয়মে ভক্তসকলৰ বিশ্বাসত আঘাত কৰাই নহয়, মন্দিৰৰ প্ৰশাসনিক গাঁথনিৰ দুৰ্বলতাৰো স্পষ্ট ইংগিত দিয়ে।” তেওঁ কয়, “মই আনুষ্ঠানিকভাৱে কোনো প্ৰস্তাৱ দাখিল কৰা নাই, কিন্তু ৰাজহুৱাভাৱে মোৰ মতামত প্ৰকাশ কৰিছোঁ। মই দৃঢ় বিশ্বাস কৰোঁ যে সমগ্ৰ পৰিচালনা গাঁথনি পুনৰ্গঠন কৰি অভিজ্ঞ পেছাদাৰীসকলক দিব লাগে।”

Tags: অপেক্ষা কৰিব পাৰে এছআইটিক ১৫ দিন দিয়কৰাম মন্দিৰৰ অনুদান চুৰি সন্দৰ্ভত আদিত্যনাথৰামচন্দ্ৰৰ বাবে যদি ৫০০ বছৰ
Share4Tweet3Send

Related Posts

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

by News Desk
August 15, 2026
50
LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা
National-International

LPG connection E-KYC : গেছৰ ই-কেৱাইচিৰ সময়সীমা বৃদ্ধি, নতুন তাৰিখসহ ডীলাৰলৈ কেন্দ্ৰীয় নিৰ্দেশনা

by News Desk
August 15, 2026
50
Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ
National-International

Independence Day 2026 : স্বাধীনতা দিৱসত নৱ প্ৰজন্মৰ ওপৰত বিশ্বাসেৰে বছৰি ১ কোটি যুৱকক এআই প্ৰশিক্ষণৰ ঘোষণা মোদীৰ

by News Desk
August 15, 2026
50
CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ
National-International

CJI Surya Kant : এইটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ কথা, কোনেও হস্তক্ষেপ নকৰিব, বাৰ কাউন্সিলৰ ভূমিকাক লৈ ক্ষুব্ধ মুখ্য ন্যায়াধীশ

by News Desk
August 14, 2026
50
ADVERTISEMENT
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী

August 16, 2026
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx