
ফ্ৰান্সৰ এভা-লে-বেই চহৰত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলন (G7 Summit)ৰ সমান্তৰালকৈ অনুষ্ঠিত বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা (Modi’s huge praise) কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump)। তেওঁ মোদীক “বিশ্বৰ অন্যতম শ্ৰেষ্ঠ নেতা” বুলি অভিহিত কৰি তেওঁৰ চাৰিটা গুণৰ কথা উল্লেখ কৰে। ট্ৰাম্পৰ মতে, এই গুণসমূহে মোদীক আন ভাৰতীয় নেতাসকলৰ পৰা পৃথক কৰি তুলিছে।
মোদীৰ বিষয়ে ট্ৰাম্পে উল্লেখ কৰা চাৰিটা গুণ হ’ল- ভাৰতক যুদ্ধৰ পৰা আঁতৰাই ৰখাৰ ক্ষমতা, দেশৰ অৰ্থনৈতিক প্ৰগতি, ৰাজনৈতিক স্থিতিশীলতা আৰু শান্ত আৰু অনমনীয় দৃঢ়তাৰ নিখুঁত মিশ্ৰণ নেতৃত্বৰ শৈলী।
জি-৭ শীৰ্ষ সন্মিলনৰ পিছত এক সাক্ষাৎকাৰত ট্ৰাম্পক বৰ্তমান বিশ্বৰ দুগৰাকী শ্ৰেষ্ঠ নেতাৰ নাম উল্লেখ কৰিবলৈ কোৱা হৈছিল। তেওঁ প্ৰথমে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ কথা উল্লেখ কৰে। ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীৰ কথা উল্লেখ কৰি কয়, “এই দুজন বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ নেতা।”

ট্ৰাম্পৰ মতে ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত পাকিস্তানৰ সৈতে সামৰিক সংঘাতত লিপ্ত হৈও ভাৰত দীৰ্ঘম্যাদী যুদ্ধৰ পক্ষ নোহোৱাৰ মূল কাৰণ হৈছে মোদীৰ নিপুণ নেতৃত্ব। তেওঁ কয় যে মোদীয়ে যুদ্ধৰ পৰা আঁতৰি থাকে, যিটো কৰাটো বুদ্ধিমানৰ কাম। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সংযম আৰু সুস্থিৰ পদক্ষেপ তেওঁৰ নেতৃত্বৰ গুৰুত্বপূৰ্ণ গুণ। শুল্ক যুদ্ধ আৰু দ্বিপাক্ষিক বাণিজ্য চুক্তিক লৈ হোৱা আলোচনাৰ সময়ত ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰিছিল। কিন্তু জি-৭ৰ বৈঠকৰ পিছত তেওঁৰ মত সলনি কৰি কয়, “ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পৰিসংখ্যা অতি ভাল, যিটো মই ভাবোঁ বিগত দশকত মোদীৰ নেতৃত্বত হোৱা অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু উন্নয়নৰ স্পষ্ট ইংগিত।”
ট্ৰাম্পৰ মতে, মোদীৰ নেতৃত্বত ভাৰতত ৰাজনৈতিক স্থিতিশীলতা ঘূৰি আহিছে। তেওঁ কয়, “মই গোটেই জীৱন ভাৰতবৰ্ষক লক্ষ্য কৰি আহিছোঁ। তেওঁলোক মাত্ৰ সলনি হৈছে। পৰিৱৰ্তন, পৰিৱৰ্তন, পৰিৱৰ্তন। কোনোবা তাত ছমাহ (প্ৰধানমন্ত্ৰী হিচাপে) থাকে। তাৰ পিছত কোনোবা এবছৰ। আৰু তাৰ পিছত হঠাতে প্ৰধানমন্ত্ৰী মোদী তালৈ আহে। তেওঁ ৰাজনৈতিক অস্থিৰতাৰ অন্ত পেলাইছে।” আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, মোদীৰ নেতৃত্বৰ আটাইতকৈ ডাঙৰ গুণটো হ’ল “দৃঢ়তা আৰু শান্তিৰ বিৰল সংমিশ্ৰণ”। তেওঁ কয়, “মোদীৰ মাজত এক অসাধাৰণ স্থিতিশীলতা আছে, তথাপিও তেওঁ শান্ত ব্যক্তি নহয়। অতি কঠিন ব্যক্তি। মই তেওঁক ভালদৰে চিনি পাওঁ।” তেওঁৰ মতে, যেতিয়ালৈকে মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব, তেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ ভূমিকা বাঢ়ি থাকিব।











