ASSAM TIMES POST
নগাঁও : ৰাজ্যৰ এগৰাকী বিশিষ্ট সুৰকাৰ যজ্ঞ বেজবৰুৱাৰ সুৰ- আৰোপিত এমুঠি নিৰ্বাচিত গীতৰ শ্ৰব্য চিডি- ‘সুৰ মঞ্জৰী’ৰ দ্বিতীয় ভাগ আজি নগাঁও প্ৰেছ ক্লাৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। উন্মোচন কৰি দিয়া ভাষণত বিশিষ্ট শিল্পী সূৰ্য গোস্বামীয়ে কয় যে ”যজ্ঞ বেজবৰুৱাৰ গীতৰ সুৰে কেইবা দশক ধৰি অসমৰ শ্ৰোতাক সন্মোহিত কৰি ৰাখিছে।
তেওঁ আমাৰ বাবে আদৰ্শ।” অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিশিষ্ট নাট্যকাৰ ডা: দিলীপ কুমাৰ বৰুৱাই যজ্ঞ বেজবৰুৱাৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি কয় যে তেওঁৰ গীত আৰু সুৰে সকলোৰে হৃদয় স্পৰ্শ কৰি যায়। শিল্পী প্ৰশান্ত গোস্বামী তথা ‘যজ্ঞ বেজবৰুৱা সুৰ- আৰোপিত গীত সংৰক্ষণ সমিতি’ৰ আহ্বায়ক ৰঞ্জন বেজবৰুৱা, চন্দন বেজবৰুৱা আৰু আৰিফুল হকে আঁত ধৰা আৰু পৰিচালনা কৰা অনুষ্ঠানত শিক্ষাবিদ গুণ শইকীয়া, কবি প্ৰয়াগ শইকীয়া, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, যজ্ঞ বেজবৰুৱা, জ্যেষ্ঠ নাগৰিক হোমেশ্বৰ দেৱশৰ্মা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ, সুৰকাৰ দীপক কুমাৰ শৰ্মা, শিল্পী গোলাপ বৰা, চিকিৎসক অৰূপ জ্যোতি মহন্তকে ধৰি ভালে কেইজন বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে ।
সুৰকাৰ যজ্ঞ বেজবৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সুৰ-মঞ্জৰীত কন্ঠদান কৰা শিল্পী ৰীতা বৰা অধিকাৰী, ডাঃ শতৰূপা মহন্ত, ডাঃ হিমলিনা গৌতম,নীলোৎপল গায়ন,ইন্দ্ৰাণী গগৈ পানীফুকন,ঋতুৰাণী মৌচুমী, গীতালী ভট্টাচাৰ্য,কনকলতা ৰয় কলিতা, চন্দনা বেজবৰুৱা; সংগীত-ব্যৱস্থাপক প্ৰাঞ্জল বৰা আৰু অভিষেক ধৰক সম্বৰ্দ্ধনা জনোৱা হয় ।













