ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড় :বিমান পৰিবহন সংস্থা ইন্ডিগয়ে অহা ৩ এপ্ৰিলত, ডিব্ৰুগড়ৰ পৰা ডিমাপুৰ আৰু ইম্ফললৈ পোনপতীয়া বিমান সেৱাৰ শুভাৰম্ভ কৰিব।সময়সূচী অনুসৰি পুৱা ১০:৪৫ বজাত ডিব্ৰুগড়ৰ পৰা উৰন আৰম্ভ কৰি ডিমাপুৰত ১২:০৫ বজাত অৱতৰন কৰিব।
পুনৰ ১২:৩০ বজাত ডিমাপুৰৰ পৰা উৰন কৰি ডিব্ৰুগড়ত ২:১০বজাত অৱতৰন কৰিব।আনহাতেদি ইম্ফলৰ পৰা পুৱা ৯:২০ বজাত উৰন আৰম্ভ কৰি ডিব্ৰুগড়ত ১০:২৫ বজাত অৱতৰন কৰাৰ কথা।সেই মৰ্মে ডিব্ৰুগড়ৰ পৰা ২:৩০ বজাত উৰন।আৰম্ভ কৰি ইম্ফলত ৩:৩৫ বজাত অৱতৰন কৰিব।বিমান পৰিবহন সংস্থাটোৰ এনে সিধান্তক সকলোৱে আদৰনি জনাইছে।













