ASSAM TIMES POST
নিউজ ডেস্ক
বিগত বর্ষসমূহৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হৈছে ‘জোনাকী’ উত্তৰ পূৱ চলচ্চিত্ৰ মহোৎসৱ।বিশ্ববিদ্যালয় খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে বিগত বর্ষ সমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই বছৰো দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ‘জোনাকী’ চলচ্চিত্ৰ মহোৎসৱখন।
আজিৰে পৰা আৰম্ভ হোৱা চলচ্চিত্ৰ মহোৎসৱ খনৰ আৰম্ভনিতে ‘জিলিকাব লুইতৰে পাৰ” শীর্ষক গীতটো পৰিৱেশন কৰা হয়।মহোৎসৱৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ডীন সৌৰব প্ৰান গোস্বামীয়ে। শুভাৰম্ভনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেন।
উপস্থিত থাকে অসম চৰকাৰৰ সাস্কৃতিক বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰা, গুৱাহাটী বিশ্ব বিদ্যালয়ৰ শ্রেণী সচিব দিলীপ বৰা প্ৰমুখ্যে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিলোৎপল বৰা, বিশিষ্ট চলচিত্ৰ নিৰ্মাতা অচিন্ত শংকৰ, ভূপেন চক্ৰবৰ্তী, ডক্টৰ গৌতম দাস। অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথি সকলক সম্বৰ্ধনা জনোৱা হয় গামোচা, কিতাপৰ টোপোলাৰ লগতে এটি গছপুলিৰে বন্তি প্ৰজ্বলনৰ পিছতে মহোৎসৱখনৰ আদৰণি ভাষণ প্ৰদান কৰে গণ- সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰন দত্তই।
আদৰণি ভাষণত দত্তই কয় “ভাল চিনেমাই মানসিক পৰিৱৰ্তনে নহয়, ব্যৱহাৰিক পৰিবৰ্তনতো প্ৰভাৱ পেলাই”।উল্লেখ যে প্ৰায় এক হাজাৰতকৈ অধিক দৰ্শকে অংশগ্ৰহণ কৰিব লগা মহোৎসৱত খনৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাধুৰিমা বৰুৱা সেনে জোনাকীৰ প্ৰচেষ্টাক শলাগ জনায়।লগতে জোনাকীয়ে সুস্থ আৰু মননশীল চলচ্চিত্ৰ সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলিও উল্লেখ কৰে৷একেদৰে অনুষ্ঠানত অধ্যাপক দিলীপ বৰাই কয় “দুদিন বিনোদনৰ মাজেৰে মনৰ উৎকৰ্ষ সাধন হব।
অসমত কলা গ্ৰহণ কৰাৰ বাবে এটা মানসিকতা লাগিব ৷ “গুৰুত্বপূৰ্ণ কথা এই যে বিশ্ববিদ্যালয় খনৰ পি.ডি আৰু এ.টি প্ৰেক্ষাগৃহত মহোৎসৱ খনৰ ছবিবোৰ প্ৰদৰ্শিত কৰা হ’ব।অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছবি প্ৰদৰ্শন কৰাৰ উপৰিও বড়ো আৰু মিচিং ভাষাৰ ছবি প্ৰদৰ্শন কৰা হ’ব মহোৎসৱত।আনহাতে আজি অংকুৰণ দত্তৰ পৰিচালিত ‘ষ্টকিং দ্য ষ্ট্ৰকছ’ নামৰ ছবিখনেৰে আৰম্ভ হয় মহোৎসৱৰ।













