
অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ উদ্যোগত হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত ৩২ বছৰীয়া যমুনা জল বিতৰণ বিবাদৰ অন্ত পৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত সোমবাৰে দুয়োখন ৰাজ্যৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

অণিত শ্বাহৰ লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী (জলসম্পদ উন্নয়ন মন্ত্ৰী) চি আৰ পাটিল, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নৈয়ব সিং ছাইনী আৰু সংশ্লিষ্ট ৰাজ্য দুখনৰ জলসম্পদ বিভাগৰ মন্ত্ৰী আৰু বিষয়াসকল উপস্থিত থাকে।
নতুন চুক্তি অনুসৰি, বাৰিষাৰ সময়ত হাৰিয়ানাৰ হাতীকুণ্ড (তাজাৱালা) বান্ধৰ পৰা অতিৰিক্ত যমুনাৰ পানী পাইপলাইনৰ জৰিয়তে ৰাজস্থানৰ শ্বেখাৱতী অঞ্চল (চিকাৰ, চুৰু, ঝুনঝুনু জিলা)ত উপস্থিত হ’ব। ইয়াৰ দ্বাৰা হাৰিয়ানাৰ সীমান্তৱৰ্তী অঞ্চলটোৰ দীৰ্ঘদিনীয়া জল সংকটৰ অন্ত পৰিব। বৈঠকত সিদ্ধান্ত লোৱা হয় যে হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশে যুটীয়াভাৱে যমুনাৰ গুণগত পৰিৱেশগত প্ৰবাহ (ইক’-ফ্ল’) সুনিশ্চিত কৰিব লাগিব।
উল্লেখ্য যে হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত যমুনা পানীৰ বিবাদ মূলতঃ ১৯৯৪ চনৰ এখন চুক্তি ৰূপায়ণৰ ওপৰত কেন্দ্ৰীভূত। ৩২ বছৰীয়া ‘উচ্চ যমুনা অৱবাহিকা চুক্তি’ অনুসৰি বাৰিষাকালত হাতীকুণ্ড বেৰেজৰ পৰা উদ্বৃত্ত যমুনাৰ পানী ৰাজস্থানলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
চুক্তি অনুসৰি, ৰাজস্থানে বাৰিষাত ১৯১৭ কিউচেক পানী পোৱাৰ কথা আছিল। কিন্তু পিছলৈ হাৰিয়ানা চৰকাৰে সেই চৰ্ত পূৰণৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল।
হাৰিয়ানাৰ পৰা ৰাজস্থানৰ খৰাং প্ৰৱণ শ্বেখাৱতী অঞ্চললৈ পানী কঢ়িয়াই নিব পৰাকৈ কোনো নিৰ্দিষ্ট খাল বা আন আন্তঃগাঁথনি নাছিল। হাৰিয়ানা সীমান্তৰে ৰাজস্থানলৈ যাবলৈ নতুন খাল খান্দিবলৈ দীৰ্ঘদিন ধৰি দুয়োখন ৰাজ্যৰ মাজত সহমতত উপনীত হ’ব পৰা নাছিল।











