
আফগানিস্তানৰ পূব প্ৰান্তৰ তিনিখন প্ৰদেশত পাকিস্তানে (Pak Attack on Afganistan) কৰা আক্ৰমণক ভাৰতে গৰিহণা দিয়ে। নতুন দিল্লীৰ মতে, এই আক্ৰমণ আফগানিস্তানৰ সাৰ্বভৌমত্বৰ ওপৰত কৰা এক প্ৰকাশ্য আক্ৰমণ। ইয়াৰ বাবে ভাৰতে পাকিস্তানক পোনপটীয়াকৈ সমালোচনাও কৰে।

সোমবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি আফগানিস্তানত সংঘটিত বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ইয়াৰ বাবে নতুন দিল্লীয়ে পাকিস্তানক দোষাৰোপ কৰে। বিবৃতিটোত দাবী কৰা হৈছে যে এই আক্ৰমণে আফগানিস্তানৰ ভূখণ্ডৰ অখণ্ডতাক ক্ষতিগ্ৰস্ত কৰাই নহয়, সমগ্ৰ অঞ্চলটোৰ শান্তিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
নতুন দিল্লীয়ে লগতে দাবী কৰে যে পাকিস্তানে নিজৰ সীমাৰ বাহিৰত সামৰিক অভিযান চলাই নিজৰ আভ্যন্তৰীণ নিৰাপত্তা সংকটৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে। বিবৃতিটোত কোৱা হৈছে যে এই আক্ৰমণ পাকিস্তানৰ অবিৰত অসাৱধানতাৰ শেহতীয়া উদাহৰণ।
কৰাচীৰ অৰ্ধসামৰিক ঘাটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হয় তিনি পাকিস্তানী জোৱান। আক্রমণকাৰী তিনিওজনৰো থিতাতে মৃত্যু হয়৷ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। টিটিপিৰ ছাঁয়া সংগঠন জামাত-উল-আহৰাৰে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে। ইয়াৰ পিছত পাকিস্তানী সেনাই আফগানিস্তানত অভিযান আৰম্ভ কৰে।
পাকিস্তানে দাবী কৰিছে যে দেওবাৰে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আফগান সীমান্তৰ কাষৰীয়া অঞ্চলসমূহত এক সুপৰিকল্পিত অভিযান চলোৱা হৈছিল। লক্ষ্য আছিল সন্ত্ৰাসবাদী ঘাটি। অৱশ্যে এই অভিযানত ৩৬ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১৬৩ জন আহত হয়। ভাৰতে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ইয়াৰ পূৰ্বে পাকিস্তানে দাবী কৰিছিল যে শনিবাৰে কৰাচীত সংঘটিত আক্ৰমণত ভাৰত জড়িত আছিল। কিন্তু তেওঁলোকে ইয়াৰ সমৰ্থনত কোনো প্ৰমাণ দেখুৱাব পৰা নাছিল। দেওবাৰে ভাৰতে পাকিস্তানৰ এই দাবী খাৰিজ কৰি আত্মনিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ পিছত পাকিস্তানে নিশা আফগানিস্তানত বিমান আক্ৰমণ চলায়।












