
নিজৰ বিয়াৰ দিনাও (Even on the wedding day) অফিচৰ কাম (Office work)ৰ পৰা ৰক্ষা নাপালে এজন যুৱকে। যাৰবাবে এটা সংস্থাৰ মুৰব্বী নেটিজেনৰ ৰোষত পৰিছে।
বৰ্তমান ‘কৰ্ম-জীৱনৰ ভাৰসাম্য’ বা ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজৰ ভাৰসাম্য সম্পৰ্কীয় আলোচনাই কৰ্মক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে। তাৰ মাজতে এটা নতুন ঘটনা ইণ্টাৰনেটত ভাইৰেল হৈ পৰাত বিতৰ্কৰ ধুমুহাৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হৈছে ‘ট্ৰিপল হোৱেল’ (Triple Whale) নামৰ কোম্পানী এটাৰ চিইঅ’ আৰু কৰ্মচাৰীক লৈ।
এই ঘটনাৰ আৰম্ভণি হয় কৰ্মচাৰীজনে এক্স প্লেটফৰ্মত কৰা এটা পোষ্টৰ পৰা। তাত দেখা যায় যে বিয়াৰ দিনা ছুটীত থকা সত্ত্বেও অফিচৰ কামত অলপ সময়ৰ বাবে অনলাইনযোগে যোগদান কৰাৰ বাবে তেওঁক কোম্পানীটোৰ মুৰব্বীয়ে যোগাযোগ কৰে। আনহাতে, মুৰব্বীগৰাকীৰ মতে এয়া হৈছে কৰ্মচাৰীজনৰ দায়বদ্ধতাৰ পৰিচয়। তেওঁ দাবী কৰে যে তেওঁক কোনেও কামলৈ মতা নাছিল, তেওঁ অনলাইনত নিজৰ ইচ্ছামতে মিটিঙত যোগদান কৰিছিল।

অৱশ্যে এই পোষ্টটোৰ পিছত নিজেই বিপদত পৰে মুখ্য কাৰ্যবাহী বিষয়াগৰাকী। নেটিজেনৰ এক বৃহৎ অংশই ইয়াক ‘টক্সিক’ বা বিষাক্ত কৰ্মসংস্কৃতিৰ উদাহৰণ বুলি সমালোচনা কৰে। বহুতৰে মতে এজন কৰ্মচাৰীক বিয়াৰ দিনতো কাম কৰিবলৈ উৎসাহিত কৰা বা সেই পৰিস্থিতিৰ প্ৰচাৰ কৰাটো একেবাৰেই প্ৰশংসনীয় নহয়।
এজন নেটিজেনে স্পষ্টকৈ লিখিছে, “আপুনি তেওঁক মেছেজ নকৰিলে তেওঁ কেতিয়াও অনলাইনত নাহিললহেঁতেন।” আন এজনে মন্তব্য কৰে, “বিয়াৰ দিনা তেওঁক ব্যক্তিগত মুহূৰ্ত এটা কটাবলৈ নিদিয়াটো এক প্ৰকাৰৰ মানসিক অসুস্থতা।”
ছচিয়েল মিডিয়াত এই পোষ্টটোক কেন্দ্ৰ কৰি সমালোচনাৰ জোৱাৰ উঠিছে। এই ঘটনাই কৰ্প’ৰেট জগতত কৰ্মচাৰীৰ ব্যক্তিগত স্বাধীনতা আৰু মানসিক স্বাস্থ্যৰ গুৰুত্ব সন্দৰ্ভতো নতুন সমালোচনাৰ সূচনা কৰিছে।











