ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত: বোকাখাত চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আজি বোকাখাতৰ দাঁতৰ গাঁও মহিলা সমিতি গৃহত চুতীয়া ছাত্ৰ সন্থা মৰিধনশিৰি নামেৰে এখনি শাখা গোট গঠন কৰা হয়। বোকাখাত আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত মহিলা সমিতি গৃহত অনুষ্ঠিত সভাত বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মণ্টু শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মানস গগৈয়ে।
উক্ত সভাত পলাশ বৰাক সভাপতি, অজিত বৰাক কাৰ্যকৰী সভাপতি, আৰু নৱপ্ৰভাত বৰাক সম্পাদক হিচাপে লৈ এখনি ১৫ জনীয়া সমিতি গঠন কৰা হয় । সভাত চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ, জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলৰ সমস্যা আৰু জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰ ওপৰতো বিতংকৈ আলোচনা কৰা হয়।
আজি সভাত উপস্থিত থাকে বোকাখাত জিলা চুতীয়া জাতি সন্মিলনৰ সম্পাদক প্ৰশান্ত শইকীয়া, বোকাখাত জিলা চুতীয়া যুৱ সন্মিলনৰ সম্পাদক প্ৰসন্ন বৰা, মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লাচিত কাকতি, সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰূপম বৰা, কাৰ্যনিবাহক সদস্য শচীন বৰাৰ লগতে বহুতো স্থানীয় ৰাইজ।













