ASSAM TIMES POST
নিউজ ডেস্ক
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ দেওবাৰে কলকাতাত উপস্থিত হোৱাৰ সময়তে ক’লা পতাকাৰ সন্মুখিন হ’ব লগা হ’ল৷ বিমান বন্দৰৰ এক নং গেট, পাৰ্ক ছাৰ্কাছ, এণ্টালি, কৈখালি, শ্যামবজাৰসহ কলকাতাৰ বিভিন্ন এলেকাত বামফ্ৰণ্ট আৰু কংগ্ৰেছৰ নেতৃত্বত বিক্ষোভকাৰীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰে৷
ইয়াৰ উপৰি বিমান বন্দৰৰ এক নং গেটত অমিত শ্বাহ গ’ বেক শ্ল’গান দিয়ে৷ কলকাতাৰ মুঠ ৯ ঠাইত গৃহ মন্ত্ৰীক বামফ্ৰণ্টে ক’লা পতাকা প্ৰদৰ্শন কৰে৷











