ASSAM TIMES POST
নিউজ ডেস্ক
ৰাইজৰ মৰমৰ শিল্পী জুবিন গাৰ্গ সম্পূৰ্ন সুস্থ হৈছে।দেওবাৰে প্ৰকাশ কৰিছে নেমকেয়াৰৰ চিকিৎসক ডাঃ হিতেশ বৰুৱাই।বৰুৱাই প্ৰকাশ কৰা শিল্পী গৰাকীক সম্পূৰ্ন সুস্থ হবলৈ প্ৰয়োজন হ’ব এক সপ্তাহৰ জিৰণি।তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু তিনি-চাৰিটা দিন ৰখা হব আইচিইউত। আজি পুৱা ৬বজাত শুই উঠি নিজে বাথৰূম যাব পাৰিছে।হেডফোনট গান শুনি আছে শিল্পী জুবিনে।
আমাৰ বাবে এইটো সুখৰ খবৰ- চিকিৎসক বৰুৱাই কয়।ৰাইজলৈ আহ্বান জনায় চিকিৎসক বৰুৱাই কয় “জুবিনক শাৰীৰিক আৰু মানসিক জিৰণি প্ৰয়োজন।জিৰণি নোহোৱাকৈ কাম কৰা বাবে হঠাৎ অসুস্থ হৈছিল।এতিয়া আমি সিদ্ধান্ত লৈছোঁ শাৰীৰিক আৰু মানসিক জিৰণি বাবে আৰু তিনি-চাৰিটা দিন আইচিইউত ৰখা হব”।
“সুন্দৰ ভাৱে আছে আৰু সুন্দৰভাৱে চিকিৎসা চলিছে।ৰাইজে কোনো কাৰণত চিন্তা কৰাৰ প্ৰয়োজন নাই।যদি কোনোৱে ঘৰৰ মানুহক লগ কৰিব খোজে তেন্তে পত্নী গৰিমা গাৰ্গ বা অন্যান্য ঘৰৰ মানুহক লগ কৰক।পোনপটীয়াকৈ জুবিনক সাক্ষাৎ কৰিব নালাগে এইয়া অনুৰোধ কৰিছোঁ”- বৰুৱাই ৰাইজক উদ্দেশ্য কৰি কয়।
ইফালে সুস্থ জুবিনে নিজে চিকিৎসালয় পৰা যাওঁ যাওঁ কৰি থকা বুলি উল্লেখ কৰি ডাঃ বৰুৱাই কয় “তেওঁ যিহেতু একে ঠাইতে বেছি সময় থাকিব নোৱাৰে।তেওঁক ধৰি ৰখাতো বহুত কষ্ট কথা।তথাপিও আমি চেষ্টা কৰিছোঁ দুই-তিনিটা দিন ধৰি ৰখা”।অন্য আইচিইউ ৰোগী অসুবিধা নোহোৱাকৈ জুবিনক সম্পূৰ্ন পৃথক কৈ ৰখা হৈছে।
তাত খোৱা-লোৱা পৰা সকলো খিনি কৰিব পৰাকৈ আছে।তালৈ যাতে কোনো অনুৰাগী বা সমৰ্থক যাবলৈ চিকিৎসালয় কতিপক্ষক অনুৰোধ নকৰে” -বৰুৱাই কয় ।আমি যাব দিয়া নাই।উল্লেখ যে যোৱা শুক্ৰবাৰে গুৱাহাটী এক অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন।তাৰ পিছতে ভৰ্তি কৰোৱা চিকিৎসালয়ত।












