গুৰুত্বৰ ভাৱে অসুস্থ অখিল: তিনিদিন উঠা নাই বিচনা
পৰা-সাক্ষাৎ কৰিবলৈ যোৱা ভাতৃ কান্দি কান্দি বৰ্ণনা
ASSAM TIMES POST
গুৱাহাটী : মাওবাদীৰে সম্পৰ্ক থকা অভিযোগত কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতি মুখ্য উপদেষ্টা অখিল গগৈ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটিছে।বিগত তিনিদিন ধৰি সংগ্রামী নেতা গৰাকী উঠিব পৰা নাই বিছনা পৰা।প্ৰচণ্ড জ্বৰ-পেটবিষৰ লগতে গগৈ গুৰুত্বৰ ভাৱে আক্রান্ত হৈছে অন্য বহুকেইটা ৰোগত।
এই মৰ্মান্তিক খবৰটো প্ৰকাশ কৰিছে কাৰাৰুদ্ধ গগৈ ভাতৃ তথা অসম প্ৰেমী যুৱ সমাজৰ উপদেষ্টা মনোজ গগৈয়ে।সোমবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰাত দুটা মাহ কাৰাৰুদ্ধ হৈ থকা জাতীয় সংগ্ৰামী নেতা গৰাকীক সাক্ষাৎ কৰিবলৈ জন্মস্থান যোৰহাট টিয়কৰ পৰা আহিছিল ভাতৃ মনোজ।কিন্তু দুৰ্ভাগ্যজনক কথা এই যে গুৰুত্ব ৰোগত আক্রান্ত কাৰাৰুদ্ধ ককায়েক অখিলে ভাতৃক সাক্ষাৎ কৰিবলৈ বিছনা পৰাই উঠি আহিব নোৱাৰিল।
সংগঠনটোৰ অন্য তিনিজন কাৰাৰুদ্ধ নেতা ধৈৰ্য কোঁৱৰ, বিতু সোনোৱাল আৰু মানস কোঁৱৰকে সাক্ষাৎ কৰি ভাতৃ মনোজে বুজ ল’য় কাৰাৰুদ্ধ গগৈ স্বাস্থ্য।কৃষক নেতা গগৈ স্বাস্থ্য বুজ লৈ ভাতৃ মনোজে আৱেগিক হৈ সংবাদ মাধ্যমৰ আগত কয় “মোৰ জীৱনৰ বাবে এটা দুৰ্ভাগ্যজনক মুহূৰ্ত হ’ব।চকুলো টুকি কান্দি-কান্দি কাৰাগাৰ পৰা মই আহিছোঁ।গুৰুত্বৰ ভাৱে অসুস্থ হৈ অখিল দা তিনিদিন উঠা নাই বিছনাৰ পৰা”।
“গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত শনিবাৰে চিকিৎসা কৰি নিয়া পিছৰে পৰা তীব্ৰ জ্বৰ, পেট আৰু কঁকাল বিষত আক্রান্ত হৈছে।ভাতৃক এই মৰ্মান্তিক খবৰ জানিবলৈ দিয়ে কাৰাৰুদ্ধ অন্য তিনি গৰাকী গগৈ সতীৰ্থ ধৈৰ্য-বিতু আৰু মানসে”।ইফালে সংগ্রামী নেতা গৰাকীৰ এই মৰ্মান্তিক খবৰ ভাতৃয়ে ৰাজহুৱা কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কৃষক মুক্তি সংগ্রাম সমিতিৰ সদস্য সকলৰ মাজত।
প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটো নেতা হুছেইন মহম্মদ শ্বাহজাহানে চৰকাৰে কাপুৰুষৰ দৰে আচৰণ কৰা বুলি উল্লেখ কৰি কয়- বিনা দুখত অখিল গগৈক জেলত বন্দী কৰি তেওঁলোক ক্ষান্ত হোৱা নাই।অসুস্থ গগৈক জেলৰ ভিতৰত হত্যা কৰা ষড়যন্ত্ৰ কৰিছে।জেলৰ ভিতৰত থকা অসহায় তিনি সতীৰ্থই উদ্বিগ্ন হৈ কন্দা-কতা কৰিছে।দীৰ্ঘদিন ধৰি গুৰুত্বৰ ভাৱে অসুস্থ হৈ থকা পিছতো কিয় উন্নত চিকিৎসা ব্যৱস্থা কৰা নাই চৰকাৰে- চাহজাহানৰ প্ৰশ্ন।
কা-পুৰুষ সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা হ’তে জেলৰ ভিতৰত অখিলক হত্যা কৰা ষড়যন্ত্ৰ কৰিছে।জেলৰ ভিতৰত গুৰুত্বৰ ভাৱে অসুস্থ মানুহ এজনক চিকিৎসা প্ৰদান নকৰি তিলে- তিলে মৰিবলৈ পেলাই থোৱা বুলি অভিযোগ উথাপন কৰি চাহজাহানে কয় “অতি শীঘ্ৰে গগৈৰ চিকিৎসা ব্যৱস্থা কৰক।অন্যথা অসমৰ ৰাইজক কৈ গুলিয়াই মাৰিক।
চকু কুটা-দাঁতৰ শূল যদি হৈছে খোলা-খুলিকৈ হত্যা কৰক।কিন্তু তিলে-তিলে অধৰ্ম দৰে তেওঁক নামাৰিব”।উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী জনায় চৰকাৰক সকীয়নী প্ৰদান কৰি চাহজাহানে কয় “উপযুক্ত চিকিৎসা প্ৰদান নকৰিলে হাজাৰ হাজাৰ মানুহ লৈ জেলৰ সন্মুখত গঢ়ি তোলা হব তীব্ৰ গণতান্ত্ৰিক উত্তাল আন্দোলন”।












