ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ আমোলাপট্টি বি বি পথত আজি দুপৰীয়া সংঘটিত এক অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি জন বসতিপূৰ্ণ অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় । জানিব পৰা মতে, আজি দুপৰীয়া ১২ মান বজাত বি বি পথৰ বাসিন্দা মুকুল বৰা নামৰ লোকজনৰ বাসগৃহ জুই লেলিহান শিখাই আগুৰি ধৰে । এই অগ্নি কান্ডক কেন্দ্ৰ কৰি আমোলাপট্টি অঞ্চলত হাহাকাৰ লাগে । আনহাতে অগ্নিকাণ্ডত মুকুল বৰাৰ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে কাষতে থকা প্ৰদীপ হাজৰিকা নামৰ লোকজনৰ বাসগৃহৰো ক্ষতিসাধন হয় ।
পিছত অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ গাড়ী আহি জুই নিৰ্বাপন কৰে । অগ্নিকান্ডৰ ফলত কেইবালাখ টকাৰ সা- সম্পত্তিৰ ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে । এই অগ্নিকান্ড কেনেদৰে সংঘটিত হল সেয়া জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ চৰ্ট চাৰ্কিতৰ ফলতেই সংঘটিত হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে ।












