ASSAM TIMES POST
নগাঁও : নগাঁও আৰক্ষীয়ে কালি নিশা জিলাখনৰ ৰাঙলুত চলোৱা নিয়মীয়া তালাচীৰ সময়ত এখন গাড়ীৰ পৰা এটা দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ কৰে। আৰক্ষীয়ে কালি নিশা এন এল ০১চি-১৬২১ নম্বৰৰ গাড়ী খনত তালাচী চলাই গাড়ী খনৰ পৰা দুষ্প্ৰাপ্য বনৰৌটো উদ্ধাৰ কৰে।
সুৰেন মেচ নামৰ এজন লোকে কাৰ্বি আংলং জিলাৰ খটখটিৰ পৰা গুৱাহাটীলৈ বুলি বনৰৌটো লৈ অনা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ধৃত লোকজনে বনৰৌটো কাৰ বাবে সৰবৰাহ কৰিছিল সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।












