
ভোটেকোশী নদীত (Nepal floods) হোৱা হিমস্খলনৰ ফলত ভূমিস্খলন হোৱাৰ এসপ্তাহ পাৰ হৈ গ’ল। আজিও প্ৰতিদিনে নেপালৰ পৰা মৃতদেহ উদ্ধাৰ হৈ আছে। ২ ছেপ্টেম্বৰ বুধবাৰলৈকে নেপালত ১২০৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, তিব্বতত ২১ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই দুৰ্যোগত মুঠ মৃত্যুৰ সংখ্যা কমেও ১২২৫ জন। বুধবাৰে নেপালত আৰু তিনিজন ভাৰতীয়ক উদ্ধাৰ কৰা হয়। এই দুৰ্যোগৰ বাবে নেপালে আমেৰিকা, ভাৰত আৰু চীনলৈ আঙুলিয়াইছে। এই তিনিখন দেশক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে। কাৰণ এই তিনিখন দেশে সৰ্বাধিক কাৰ্বন নিৰ্গত কৰে, যাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে বুলি নেপালে দাবী কৰিছে। বুধবাৰলৈকে দেশখনৰ পৰা ১২০৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি নেপালৰ গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে। চিতৱানৰ পৰা উদ্ধাৰ হৈছে সৰ্বাধিক মৃতদেহ। এই সংখ্যা ৩৪৮। নোৱালপাৰাচী পূবৰ পৰা উদ্ধাৰ হৈছে ২১৭ টা মৃতদেহ। নোৱালপাৰাচী পশ্চিমৰ পৰা উদ্ধাৰ হৈছে ২০২টা মৃতদেহ। নুৱাকোটৰ পৰা ১৫৫টা আৰু ৰসুৱাৰ পৰা ১১৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৯৫টা মৃতদেহ তেওঁলোকৰ পৰিয়ালক গতাই দিয়া হৈছে।
২ ছেপ্টেম্বৰলৈকে নেপালৰ দুৰ্যোগপীড়িত অঞ্চলৰ পৰা ১১,৯৯৩ জন লোকক উদ্ধাৰ কৰা হৈছে। ২১,৩১৪ জন উদ্ধাৰকাৰীয়ে দিনে-নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এতিয়াও সন্ধানহীন হৈ আছে ৪,২১৬জন লোক। চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, বুধবাৰলৈকে তিব্বতৰ পৰা ২১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ৫৪১ জন লোক।

ক্ষতিপূৰণৰ দাবী
কাঠমাণ্ডু প্ৰশাসনৰ মতে ভাৰত, চীন আৰু আমেৰিকাৰ দৰে তিনিখন দেশৰ প্ৰদূষণৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ ফলত নেপাল বিধ্বস্ত হৈ পৰিছে। সেইবাবেই এই তিনিখন দেশৰ পৰা ক্ষতিপূৰণ বিচাৰিছে। বিষয়টো কেৱল ভবা-চিন্তাৰ স্তৰতেই নাই। নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এই বিষয়টো উত্থাপন কৰিব পাৰে। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে দেশৰ সংবাদ মাধ্যম ‘কাান্তিপুৰ টিভি’ৰ আগত কয় যে তিনিওখন দেশৰ পৰা সৰ্বাধিক সেউজ গৃহ গেছ (প্ৰদূষণকাৰী গেছ) নিৰ্গত হয়। যাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰে। সেয়েহে এই তিনিখন দেশৰ পৰা ক্ষতিপূৰণ বিচাৰি নেপালে দুৰ্যোগৰ পিছৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে। কাঠমাণ্ডুৱে অৱশ্যে ক্ষতিপূৰণৰ বিষয়টোক ন্যায়ৰ সৈতে সংযোগ কৰিছে। নেপালী বৈদেশিক মন্ত্ৰীগৰাকীৰ মতে, “আমি সাহায্য বিচৰা নাই, ন্যায় আৰু ক্ষতিপূৰণ বিচাৰিছোঁ। সেই অনুসৰি আমি কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছোঁ।” একে সময়তে তেওঁ লগতে কয়, “এয়া দয়াৰ কথা নহয়। এইটো এটা নৈতিক আৰু আইনী বাধ্যবাধকতা।”
ভাৰতৰ সাহায্য
প্ৰথম অৱস্থাত নেপালে কৈছিল যে তেওঁলোকে বিদেশী উদ্ধাৰকাৰী দলক দেশত প্ৰৱেশ কৰিবলৈ নিদিয়ে। পিছত তেওঁলোকে কূটনৈতিক হেঁচাত নতশিৰ হয়। ভাৰত, চীন, দক্ষিণ কোৰিয়াৰ দৰে দেশ নেপালৰ কাষত থিয় দিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনোৱা মতে, বুধবাৰে পঞ্চমখন বিমানে সাহায্য সামগ্ৰীসহ নতুন দিল্লীৰ পৰা নেপাল অভিমুখে উৰা মাৰিছে। তাত ৫.৫ টন ঔষধ আছে। ১১ জনীয়া উদ্ধাৰকাৰী দল এটাও নেপাললৈ গৈছে। এই পৰ্যন্ত চুবুৰীয়া দেশখনলৈ মুঠ ৭৪ টন সাহায্য প্ৰেৰণ কৰা হৈছে। ২ ছেপ্টেম্বৰলৈকে নেপালৰ পৰা ১৬৬ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। বুধবাৰে মুঠ তিনিজন লোকক উদ্ধাৰ কৰা হয়। তিব্বতত আবদ্ধ হৈ থকা ৪১০ জন ভাৰতীয়ই চীনৰ পৰা দেশলৈ ৰাওনা হয়। তাৰে কোনোবাই তীৰ্থযাত্ৰাৰ বাবে, কোনোবাই পৰ্যটনৰ বাবে দেশখনলৈ গৈছিল। ভাৰতৰ পৰা নেপাললৈ প্ৰেৰণ কৰা ফৰেনছিক দলটোৱে কাঠমাণ্ডুৰ দুটা পৰীক্ষাগাৰত কাম কৰি আছে। মৃতদেহৰ পৰা সংগ্ৰহ কৰা ডিএনএ পৰীক্ষা কৰি আছে।
তিব্বতৰ পৰিস্থিতি
নেপালৰ সমান্তৰালকৈ তিব্বততো আকস্মিক বানে বিধ্বস্ত কৰিছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে নেপাল সীমান্তৰ সমীপৱৰ্তী গিৰং। বুধবাৰে চীনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, তাত মৃত্যুৰ সংখ্যা ২১ লৈ বৃদ্ধি পাইছে। এতিয়াও ৫৪১ জন লোক নিৰুদ্দেশ হৈ আছে। যোৱা ৩০ আগষ্টত চীনে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি, তিব্বততো ২৬১ জন বিদেশী নাগৰিক সন্ধানহীন হৈ আছে। ইয়াৰে ৪৯ জন ভাৰতীয়।











