
ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। শুকুৰবাৰে পুৱা প্ৰায় ৪ বজাত দিল্লীৰ পালাম বায়ুসেনা ঘাটিত অৱতৰণ কৰে পুটিনৰ বিমান। ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ সংগী প্ৰতিনিধি দলটোক আদৰণি জনায় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত শনিবাৰৰ পৰা আৰম্ভ হ’ব ১৮ সংখ্যক ব্ৰিকছ সন্মিলন। দেওবাৰলৈকে চলিব এই সন্মিলন।
পুটিনৰ উপৰি এই সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছা, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পিজেছকিয়ানকে ধৰি কেইবাখনো দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিব। শীৰ্ষ সন্মিলনৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছচিয়েল মিডিয়াত ব্ৰিকছ সন্দৰ্ভত পোষ্ট কৰে। তেওঁ লিখিছে, “অহা কেইদিনমানৰ ভিতৰত ব্ৰিকছ সন্মিলনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰপতিসকল একত্ৰিত হ’ব। এই সন্মিলনত বিভিন্ন বিষয়ত ইতিবাচক আৰু অৰ্থপূৰ্ণ আলোচনা হ’ব বুলি মই আশাবাদী। ইয়াত বিশ্ব কল্যাণৰ বিষয়টোও অন্তৰ্ভুক্ত কৰা হ’ব।”

চীনৰ ৰাষ্ট্ৰপতি জিনপিঙকে ধৰি আমন্ত্ৰিত ৰাষ্ট্ৰপতিসকলৰ অধিকাংশই শনিবাৰে উপস্থিত হ’ব। আনহাতে, এদিন পূৰ্বে ভাৰতত উপস্থিত হৈছে পুটিন। শুকুৰবাৰে বিয়লি ৩.৩০ বজাত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। এই বৈঠকত প্ৰতিৰক্ষা, শক্তি আৰু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত নতুন দিল্লী আৰু মস্কোৰ মাজত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ দিশত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
যোৱা ৩১ আগষ্টত কিৰ্গিস্তানৰ ৰাজধানী বিচকেকত অনুষ্ঠিত ২৬ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ পাৰ্শ্ববৈঠকত মোদীয়ে পুটিনক সাক্ষাৎ কৰিছিল। বৈঠকৰ অন্তত মোদীয়ে কয় যে ১২-১৩ ছেপ্টেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত পুটিনক আদৰণি জনোৱাৰ বাবে ভাৰতে আগ্ৰহী।












