
পৰিৱেশবিদ তথা সমাজকৰ্মী সোণম ৱাংচুকে (Sonam Wangshuk) বিচাৰে যে কেন্দ্ৰীয় চৰকাৰে তেওঁক লাডাখ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰক। যদি সেয়া নহয় তেন্তে অহা সপ্তাহৰ পৰা আন এক বৃহৎ প্ৰতিবাদৰ সকীয়নি দিছে তেওঁ। এই ক্ষেত্ৰত ৱাংচুকে কেন্দ্ৰক এসপ্তাহৰ সময় দিছে। ১৯ ছেপ্টেম্বৰৰ পৰা ৰাজপথলৈ ওলাই আহিব বুলিও তেওঁ কয়। ২৪ ছেপ্টেম্বৰলৈকে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। দীৰ্ঘদিন ধৰি লাডাখৰ বাবে অধিক স্বায়ত্তশাসনৰ দাবী জনাই আহিছে ৱাংচুকে। যোৱা বছৰ এই সন্দৰ্ভত হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। তাত চাৰিজন লোকৰ মৃত্যু হয়, বহু আহত হয়। সেই ঘটনাৰ পিছত ২৬ ছেপ্টেম্বৰত আৰক্ষীয়ে ৱাংচুকক গ্ৰেপ্তাৰ কৰে। যোধপুৰ জে’লত ছমাহ কটাবলগীয়া হয়। কেন্দ্ৰীয় চৰকাৰে অভিযোগ কৰে যে ৱাংচুকে প্ৰত্যক্ষভাৱে এই অশান্তিত ইন্ধন যোগাইছিল। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে, মাৰ্চ মাহত তেওঁ জে’লৰ পৰা মুক্তি পায়।
জে’লৰ পৰা ওলাই আহিও লাডাখ সমস্যাক লৈ সৰৱ হৈ পৰিছে ৱাংচুকে। বুধবাৰে দিল্লীত লাডাখৰ একাংশ গোটৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উপ-সমিতিৰ বৈঠক অনুষ্ঠিত হয়। অভিযোগ অনুসৰি, ইয়াত সমস্যাৰ কোনো সমাধান পোৱা নগ’ল। আলোচনাৰ বিশেষ অগ্ৰগতি নহ’ল। ইয়াকে লৈ ৱাংচুকে নিজৰ হতাশা প্ৰকাশ কৰে। ইয়াৰ পিছতে লাডাখ সমস্যাৰ সমাধানৰ দাবীত নতুন আন্দোলনৰ সতৰ্কবাণী দিয়ে। তেওঁ কয় যে কেন্দ্ৰই এসপ্তাহৰ ভিতৰত লাডাখ সন্দৰ্ভত সমস্যা সমাধানৰ আশ্বাস দিব লাগিব। অন্যথা ১৯ ছেপ্টেম্বৰৰ পৰা পুনৰ আন্দোলন আৰম্ভ কৰিব। ২৪ ছেপ্টেম্বৰলৈকে চলিব এই আন্দোলন।

শেহতীয়াকৈ নীটৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাৰ দুৰ্নীতিৰ অভিযোগৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টীৰ নেতৃত্বত চলা আন্দোলনক সমৰ্থন কৰিছিল ৱাংচুকে। লগতে দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ-ছাত্ৰীৰ দাবীক মান্যতা দি অনশন কৰে। ২৮ জুনৰ পৰা আৰম্ভ হৈছিল তেওঁৰ অনশন। একেৰাহে ২৬ দিন চলিছিল। লাডাখ সমস্যা সমাধানৰ বাবে তেওঁ পুনৰ অনশন কৰাৰ পৰিকল্পনা কৰিছে নেকি সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু চিজেপি আন্দোলনৰ হেঁচাত ধৰ্মেন্দ্ৰ প্ৰধানে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়।
বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত ৱাংচুকে লাডাখৰ নেতাসকলৰ সৈতে কেন্দ্ৰৰ বৈঠকৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয় যে এই বৈঠকত এপেক্স বডি অব লেহ (এল এ বি), কাৰ্গিল ডেম’ক্ৰেটিক এলায়েন্সৰ নেতাসকল হতাশ হৈ পৰিছে। তাত কোনো নতুন আলোচনা হোৱা নাই। যোৱা বছৰৰ অশান্তিৰ কথা মনত পেলাই এল এ বিয়ে ছেপ্টেম্বৰ মাহটোক ‘শ্বহীদ মাহ’ হিচাপে পালন কৰাৰ পৰিকল্পনা কৰিছে। বুধবাৰে কাৰ্গিলৰ পৰা লেহলৈ পদযাত্ৰা কৰাৰ কথা আছিল। কেন্দ্ৰৰ সৈতে হোৱা বৈঠকৰ কথা মনত ৰাখি কাৰ্যসূচী স্থগিত ৰখা হয়। কিন্তু যিহেতু সভাত একো সমাধান নহ’ল, সেয়েহে ৱাংচুকে ১৯ তাৰিখৰ পৰা পুনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ বাৰ্তা দিয়ে। তেওঁ সমগ্ৰ দেশৰ জনসাধাৰণক লাডাখৰ সমৰ্থনত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।












