
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ইণ্ডিয়া ব্লকৰ প্ৰতিবাদী (INDIA Block protest) সমদলক কেন্দ্ৰ কৰি হাৰিয়ানাৰ ফৰিদাবাদত (Faridabad) এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৃহস্পতিবাৰে এই পদযাত্ৰাৰ সময়ত কংগ্ৰেছৰ দুগৰাকী মহিলা নেত্ৰী পৰাগ শৰ্মা আৰু গজন লম্বাই ৰাজহুৱাভাৱে কাজিয়াত লিপ্ত হয়। অভিযোগ আৰু কাজিয়াৰ বাবে দুয়োৱে ইগৰাকীয়ে সিগৰাকীক চৰ শোধায়। ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ঘটনাই ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখ্য যে কংগ্ৰেছে বিৰোধী দলসমূহৰ লগতে সমগ্ৰ দিল্লী-এনচিআৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। সেই কাৰ্যসূচীৰ অংশ হিচাপে ফৰিদাবাদত সমদলৰ আয়োজন কৰা হয়। অভিযোগ অনুসৰি, সমদলৰ সময়ত পৰাগ শৰ্মা আৰু গজন লাম্বাৰ মাজত এখন ছবি আঁতৰোৱাক লৈ তৰ্ক-বিতৰ্ক হয়।
জানিব পৰা মতে, বল্লভগড় বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা পৰাগ শৰ্মাই কংগ্ৰেছৰ বেনাৰ লৈ খোজকাঢ়ি গৈ আছিল। কাষতে আছিল গজন লাম্বা। সেই সময়ত গজন লাম্বাই পৰাগ শৰ্মাক এৰি আগুৱাই যাবলৈ চেষ্টা কৰিছিল। জানিব পৰা মতে, তাকে লৈ প্ৰথমে দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল। ইয়াৰ পিছত পৰাগ শৰ্মাই গজন লাম্বাক চৰ মাৰিছিল বুলি অভিযোগ উঠিছে। গজন লাম্বায়ো প্ৰত্যত্তৰত তেওঁক চৰ মাৰে। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হয় যে সমদলত উপস্থিত থকা আন কংগ্ৰেছ নেতাসকলে হস্তক্ষেপ কৰিবলগীয়া হ’ল। ঘটনাৰ পিছতে দুয়োগৰাকী নেতাই পৰস্পৰৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে।

ফৰিদাবাদৰ সংশ্লিষ্ট আৰক্ষী থানাৰ ষ্টেচন হাউছ অফিচাৰ বিষ্ণু মিত্তাৰে কয় যে মহিলা দুগৰাকীয়ে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে। প্ৰথমে তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক হৈছিল, যিটো পিছলৈ শাৰীৰিক আক্ৰমণলৈ পৰিণত হয়। অভিযোগত উল্লেখ আছে যে দুয়োৰে মাজত নিজৰ পদ বা অৱস্থানক লৈ বিবাদ হৈছিল। এই ঘটনা সন্দৰ্ভত মুকলিকৈ কৈছে গজন লাম্বাই। তেওঁ দাবী কৰে যে পৰিস্থিতি কেনেকৈ হতাহতি লৈ পৰিণত হ’ল সেয়া তেওঁ ধৰিবই নোৱাৰিলে। তেওঁৰ অভিযোগ যে পৰাগে সমদলত খোজকাঢ়ি যোৱাৰ সময়ত তেওঁক চিকুটি দিছিল। পিছলৈ ঘূৰি কি হৈছে চাবলৈ তেওঁ ৰৈ যায়।
গজনৰ দাবী, কেইছেকেণ্ডমানৰ ভিতৰতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। তেওঁ দাবী কৰে যে পৰাগে প্ৰায়ে আনৰ লগত কাজিয়াত লিপ্ত হয়। তদুপৰি গজনৰ বিৰুদ্ধে জাতিক লৈ অপমানজনক মন্তব্য কৰাৰো অভিযোগ উত্থাপন কৰিছে। অৱশ্যে পৰাগ শৰ্মাৰ পৰা কোনো সঁহাৰি এতিয়ালৈকে চৰ্চালৈ অহা নাই। আনহাতে, আৰক্ষীৰ ওপৰত আস্থা প্ৰকাশ কৰি গজনে কয় যে অভিযোগ দাখিল কৰাৰ পিছত তেওঁক আৰক্ষীয়ে আশ্বাস দিছে। লগতে দলৰ শীৰ্ষ নেতৃত্বৰ সৈতেও বাৰ্তালাপ কৰে। আনহাতে, ফৰিদাবাদ কংগ্ৰেছৰ জিলা সভাপতি বলজিৎ কৌশিকে কয় যে কেতিয়াবা ভিৰত একেলগে খোজকাঢ়িলে অনিচ্ছাকৃতভাৱে ধাক্কা লাগিব পাৰে। লগতে বিষয়টো সমাধান হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।









