ASSAM TIMES POST
নিউজ ডেস্ক
প্ৰতিমুহূৰ্ততে দেশত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বিশ্বাত্ৰাস কৰো’ণা ভাইৰাচে।দেশত ইতিমধ্যে প্ৰায় তিনি অৰ্ধ সহস্রাধিক ব্যক্তি আক্রান্ত হৈছে কৰ’নাত।ইফালে আক্রান্ত হোৱা সাত গৰাকী ৰোগীয়ে ইতিমধ্যে মৃত্যুক সাৱটি লৈছে।সৰ্বাধিক আজি দিনটোত তিনিগৰাকীৰ ৰোগী মৃত্যু হোৱা খবৰ ইতিমধ্যে প্ৰকাশ পাইছে। দেশৰ বহুকেইখন ৰাজ্যত ক’ৰনা ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ঘোষণা হৈছে ‘ল’ক ডাউন’।
অসমত বৰ্তমান সময়লৈকে আক্রান্ত কোনো তথ্য লাভ কৰা নাই যদিও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা ‘জনতা কাৰ্ফিউ’ত স্তব্ধ ৰাজ্য।পুৱা ৭বজা পৰা আৰম্ভ হোৱা ‘জনতা কাৰ্ফিউ’ ৰাতি ৯বজালৈ আছিল যদিও ভয়াৱহতা দিশটো প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জনতা কাৰ্ফিউ ম্যাদ বৃদ্ধি কৰিছে সোমবাৰ পুৱা ৮বজালৈ। ইফালে ৰাজ্য চেম্বাৰছ অৱ কমাৰ্চে ইতিমধ্যে কৰ’না ভাইৰাছ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পুৱা ৭বজা পৰা ৰাতি ৯বজালৈ ৰাজ্য সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছে।
পাঞ্জাৱ, দিল্লী, ৰাজস্থান আদি দৰে অসমতো ৰাজ্য চৰকাৰে যিকোনো সময়তে ঘোষণা কৰিব পাৰে ল’ক ডাউন।ৰাজ্যবাসীয়ে চৰকাৰক ৰাজ্যবাসী সুৰক্ষাৰ বিচাৰি ল’ক ডাউন ঘোষণা আহ্বান জনাইছে। বিশেষ সূত্ৰ খবৰ অনুসৰি সোমবাৰ দিনটোৰ দেশৰ পৰিস্থিতি ওপৰত নিৰ্ভৰ কৰি ৰাতিলৈ হয়তো ঘোষণা হব পাৰে ল’ক ডাউন! উল্লেখ যে ৰাজ্যত শুভাগ্য অনুসৰি এতিয়ালৈ কোনো ব্যক্তি দেহত ধৰা পৰা নাই কৰো’ণা ভাইৰাছ উপস্থিতি।













