ASSAM TIMES POST
নিউজ ডেস্ক
ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰি নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰিছে ভাৰতত ক’ৰনা ভাইৰাছৰ মহামাৰী । প্ৰতি মুহূৰ্ততে বাঢ়িছে ভাৰতত কৰ’না আক্রান্ত । সোমবাৰৰ দিনটোত দেশত দিন হিচাপত সৰ্বাধিক ১০৩গৰাকী নতুনকৈ আক্রান্ত হৈছে মহামাৰী কৰ”নাত । সেই অনুসৰি দেশত বৰ্তমান সময়লৈকে কৰ’না আক্রান্ত সংখ্যা হৈছে ৫০০জন।
একেদৰে সোমবাৰৰ দিনটোত দেশত পুনৰ কৰ’নাত আক্রান্ত হৈ প্ৰাণ হেৰুৱাই নতুনকৈ তিনিগৰাকীৰ ব্যক্তিয়ে। সেই হিচাপ অনুসৰি মৃত্যু সংখ্যা হৈছে ১০গৰাকী উল্লেখ যে, দেশৰ ভিতৰত সৰ্বাধিক আক্রান্ত হৈছে মহাৰাষ্ট্ৰত। গুৰুত্বপূৰ্ণ কথা এই যে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে আজি সন্ধিয়া ৬ বজা পৰা অহা ৩১ মার্চলৈ ঘোষণা কৰা হৈছে লক ডাউন। অসমত বৰ্তমান সময়লৈকে ধৰা পৰা নাই কৰ’না আক্রান্ত।













