ASSAM TIMES POST
গুৱাহাটী, ২৪ মাৰ্চঃ কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গুৱাহাটীৰ পদপথৰ অঘৰী কাষত এটা এনজিঅ। লক ডাউনৰ পূৰ্বে আশ্ৰয়স্থল বিচাৰী পালে মহানগৰীৰ পদপথত অঘৰীসকলে। কৰ’না ভাইৰাছৰ আতংকই সমগ্ৰ দেশত গ্ৰাস কৰা সময়ত এইসকল ব্যক্তিৰ জীৱনৰ কথা চিন্তা কৰি স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ তৎপৰতাত মংগলবাৰে গৃহহীন লোকসকলৰ দায়িত্ব লয় এনজিঅৱে ।
প্ৰাপ্ত খবৰ অনুসৰি পৰা সমাজ কল্যাণ বিভাগৰ সহযোগত ৫টা বেচৰকাৰী সংস্থাই এইসকলৰ দায়িত্ব বহন কৰিছে৷ মহানগৰীৰ ভৰলুলুমুখ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ২০০ৰো অধিক আশ্ৰয়হীন লোক বেচৰকাৰী সংস্থাই কেইটাই প্ৰশাসনৰ সহযোগত লৈ যায় নৈশ আশ্ৰয় স্থললৈ।

তেওঁলোকৰ সকলো ধৰণৰ ব্যৱস্থা সমাজ কল্যাণ বিভাগৰ সহযোগত এনজিঅ কেইটাই গ্ৰহণ কৰিব। যেতিয়ালৈকে কৰ’না ভয়াৱহতা পৰা ৰাজ্যবাসী মুক্ত নহয় তেতিয়ালৈকে এইসকল ব্যক্তিক ৰখা হ’ব এনজিঅ কেইটা অধীনত।
গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান অসমত কোনো কৰ’না ভাইৰাছৰ আক্রান্ত হোৱা নাই। এইসকল ব্যক্তিক যদি সুৰক্ষা কৰিব নোৱাৰিলে হয়তো ভয়াৱহ দিশলৈ গতি কৰিব ৰাজ্য। সেই কথা অনুমান কৰিয়ে চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা।













