ASSAM TIMES POST
নিউজ ডেস্ক:

লক ডাউন সময়ছোৱাত জনতাৰ সুবিধা হোৱাকৈ গণেশগুৰিত আৰম্ভ হৈছে পাচলি বজাৰ।মহানগৰীৰ যোগান বিভাগৰ তৎপৰতাত বহুৱা হৈছে এই বজাৰ।জনতাক দীঘলীয়া শাৰী পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে।সকলোকে এক নিদিষ্ট ব্যৱধানত বান্ধি দিছে প্ৰশাসনে।

গণেশগুৰি ফিল্ডত আৰম্ভ হৈছে এই বজাৰ।উল্লেখ যে ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে ইতিমধ্যে ২১দিন লক ডাউন ঘোষণা কৰা হৈছে।সেই সময়ছোৱাত বন্ধ কৰি দিয়া হৈছে সকলো বজাৰ।তাৰ পৰিপ্ৰেক্ষিতত যোগান বিভাগে নিজৰ তৎপৰতা ৰাইজক যোগান ধৰিছে শাক-পাচলি।













