ASSAM TIMES POST
নিউজ ডেস্ক
মাৰাত্মক কৰ’না ভাইৰাছে শুক্ৰবাৰৰ দিনটোত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভাৰতত। ৰাতি ১০.৩০বজালৈ দিনৰ হিচাপত সৰ্বাধিক ১৪৯ ব্যক্তি আক্রান্ত হৈছে কৰ’নাত । সেই অনুসৰি দেশত মুঠ আক্রান্ত সংখ্যা হৈছে গৈ ৮৮৪জন । মৃত্যুক আঁকোৱালি লৈছে ২০ জন ব্যক্তিয়ে ।
গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্য হিচাপত কেৰেলাত সৰ্বাধিক ১৭৬ জন, মহাৰাষ্ট্ৰত ১৫৬জন এই পৰ্যন্ত আক্রান্ত হৈছে।উল্লেখ কথা এই যে দেশৰ মুঠ ২৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্য বৰ্তমান কৰ’নাত আক্রান্ত।













