ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰোনা ভাইৰাছ প্ৰাদুৰ্ভাৱৰ সময়ত লকডাউন চলি থকা সময়ত প্ৰথম মন কি বাত অনুষ্ঠানত যুদ্ধত জয়ী হোৱাৰ কথা ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ আৱেগঘন দূৰত্ব কমাই সামাজিক দূৰত্ব বঢ়াবলৈ বাৰ্তা দিলে প্ৰধানমন্ত্ৰীয়ে৷ এই বিশেষ ৰেডিঅ’ অনুষ্ঠানত দেশৰ প্ৰতিজন নাগৰিকৰ ক’ৰোনা ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ প্ৰতিজন নাগৰিকক আহ্বান জনায়৷


ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ বাবে যি সেৱা কৰিছে সেইসকল লোকক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায় কয়, আচাৰ্য চৰকে কৈছিল, পাৰ্থিৱ বস্তুৰ লোভ মোহ এৰি যি ৰোগীৰ সেৱা কৰে তেওঁৱেই প্ৰকৃত চিকিৎসক৷ নাৰ্ছ আৰু স্বাস্থ্য কৰ্মী ক’ৰোনাত আক্ৰান্তৰ বাবে অপৰিসীম কষ্ট কৰিছে৷ কথাত কয়, সামাজিক দূৰত্ব মানে সামাজিক সংযোগ বিচ্ছিন্ন নহয়৷ ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব ৰক্ষা কৰক৷ মানসিকতাহ বা আৱেগপ্ৰৱণতাক মুঠেই বিচ্ছিন্ন কৰা নাই৷ ঘৰতে থাকি ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়ক ৷
এতিয়া আমি যুদ্ধক্ষেত্ৰৰ প্ৰথমত আছো৷ চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্য কৰ্মীক ধন্যবাদ৷ আমি ক’ৰোনাৰ বিৰুদ্ধে আমি জিকিব লাগিব আৰু আমি জিকিমেই৷ অৱশ্যে তেওঁ এই জিকাৰ পথ উল্লেখ নকৰিলে৷ ক’ভিড-১৯ৰ বিপক্ষে জিকাটো কঠিন৷ তাৰ বাবে প্ৰয়োজন কঠোৰ পদক্ষেপ৷ দেশবাসীক সুৰক্ষিত কৰি ৰখাই লক্ষ্য বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ ছেনিটেছন কৰ্মী হ’ল প্ৰতি দিনাৰে নায়ক৷ নিত্যপ্ৰয়োজনীয় কামত জড়িত মানুহ আমাৰ জীৱন আগুৱাই নিয়াত সহযোগ কৰিছে৷
চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা পৰিসেৱা কৰ্মীৰ সেৱাক ধৰ্ম হিচাপে ধৰি লৈ নিজৰ কাম কৰি যাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয়, লকডাউনে নিজকে চোৱাৰ বৃহৎ সুবিধা দিলে৷ নিজৰ ঘৰতে থাকক৷ কিতাপ পঢ়ক, গান শুনক ব্যস্ততাৰ মাজত থাকক৷









