ASSAM TIMES POST
নিউজ ডেস্ক
মাৰাত্মক কৰ’না ভাইৰাছক লৈ দেশবাসী শংকিত হৈ থকা সময়তে আহিছে এক ভাল খবৰ। বৰ্তমানলৈ দেশত ১০২গৰাকীৰ ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তি সুস্থ হৈছে। তাৰ মহাৰাষ্ট্ৰত সৰ্বাধিক ২৫জন আৰোগ্য হৈছে। ইয়াৰ উপৰিও কেৰেলা ২০জন, হাৰিয়ানাত ১৭জন, উত্তৰ প্ৰদেশ ১১জন, দিল্লী ৬জন, কৰ্ণাটক ৫জন, ৰাজস্থান ৩জন, তামিলনাডু ৪জন, উত্তৰাখণ্ড ২জন আৰু তেলেংগানা, গুজৰাট, পাঞ্জাৱ, হিমাচল প্ৰদেশ ১জনকৈ ব্যক্তি আৰোগ্য হৈছে। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।
গুৰুত্বপূৰ্ণ কথা এইয়ে দেশত বৰ্তমান ক’ভিড-১৯ত আক্রান্ত সংখ্যা হৈছে ১১৯৬জন আৰু মৃত্যু হৈছে ২৯জন। দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ আৰু দ্বিতীয়তে আছে কেৰেলা।










