ASSAM TIMES POST
নিউজ ডেস্ক
ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জাৰ্মানীৰ কণ্ঠশিল জ’ ডিফী আৰু জাপানৰ জনপ্ৰিয় কৌতুক অভিনেতা কেন শ্বিমুৰাই৷ উল্লেখ্য যে ১৯৯০ চনত কাউণ্টী সংগীতেৰে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱা জ’ ডিফীয়ে সংগীতৰ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ক’ৰোনাত আক্ৰান্ত হৈ তেওঁ ৬১ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয়৷
মন কৰিব লগা যে মৃত্যুৰ দুদিনৰ পূৰ্বে তেওঁ ক’ৰোনাত আক্ৰান্ত হোবাৰ কথা প্ৰকাশ কৰিছিল৷ এই ভাইৰাছৰ পৰা আঁতৰত থাকিবলৈ তেওঁ অনুৰাগীক বাৰম্বাৰ অনুৰোধ কৰিছিল৷ অৱশেষত জ’ ডিফীৰ সোমবাৰে মৃত্যু হয়৷


আনহাতে জাপানৰ জনপ্ৰিয় কৌতুক অভিনেতা কেন শ্বিমুৰাৰ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয়৷ এইজন অভিনেতা যোৱা দেওবাৰে মাজনিশা চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবতি লয়৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ জাপানত মৃত্যু হোৱা তেওঁ প্ৰথমগৰাকী চেলিব্ৰিটি৷ ৭০ বছৰীয়া কেন শ্বিমুৰা আছিল জাপানৰ সৰ্বাধিক জনপ্ৰিয় আৰু প্ৰখ্যাত কৌতুক অভিনেতা৷










