ASSAM TIMES POST
নিউজ ডেস্ক
গুৱাহাটীঃ মাৰাত্মক কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা ২৪মার্চ পৰা ২১দিনীয়া লকডাউনত স্তব্ধ এতিয়া সমগ্ৰ দেশৰ লগতে ৰাজ্য।স্থবিৰ হৈ পৰিছে ব্যস্ত জনজীৱন । জনতা সুৰক্ষা প্ৰতিলক্ষ্য ৰাখি সকলোকে আহ্বান জনোৱা হৈছে নিজ নিজ ঘৰত সোমাই থাকিবলৈ । জনতাৰ যাতে শান্তিত থাকি সুৰক্ষিত হৈ থাকে সেই উদ্দেশ্য আগত লৈ আৰক্ষী বিভাগে পালন কৰিছে নিজৰ দায়িত্ব।
তাৰ মাজতে বৃহস্পতিবাৰে ৰাতি মহানগৰীত কৰ্তব্যৰত কেইজনমান আৰক্ষীক দেখা গ’ল ব্যক্তিক্ৰম ৰূপত । নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰা মাজতে ইজনে-সিজনক সাহস বঢ়াইছে । কৰ্তব্য মাজতে আৰক্ষীৰ দলটোৱে গাইছে চিৰযুগমীয়া অসমীয়া গীত ।
আৰক্ষীৰ দলটো মুখত শুনিবলৈ পোৱা গ’ল সমৰেন্দ্ৰ নাৰায়ণৰ ‘অৰণ্য’ বোলছবি ১৯৭১ চনতে মুকলি হোৱা এটি জনপ্ৰিয় গীত। যিটো গীতত কণ্ঠ নিগৰাইছিল শিল্পী মান্না দে। “দিনৰ পোহৰ ৰংচঙীয়া” শীর্ষক চিৰযোগমীয়া গীতটো আৰক্ষীৰ দলটোৱে পৰিৱেশন কৰা ভিডিঅ ইতিমধ্যে ভাইৰেল হৈছে মহানগৰ আৰক্ষী বিষয়া পংকজ প্ৰতিম মহন্তৰ ফেচবুক একাউণ্টৰ জৰিয়তে । বিশেষ ভিডিঅ’টো লগতে ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” শীর্ষক কবিতা শাৰী মিলাই দিছে।













