ASSAM TIMES POST
নগাঁও : গুৱাহাটীস্থ অভিজাত এপাৰ্টমেণ্ট ‘স্পেনিছ গাৰ্ডেন’ৰ আৱাসী মনীষ তীব্ৰেৱাল নামৰ ব্যৱসায়ীজন শেহতীয়াকৈ কবিড -১৯ ত আক্ৰান্ত হোৱাৰ খবৰে ৰাজ্যবাসীক শংকিত কৰি তুলিছে ।উল্লেখ্য , কবিড-১৯ ত আক্ৰান্ত মনীষ তীৱৰেৱালৰ প্ৰকৃত ঘৰ নগাঁও চহৰৰ মাৰোৱাৰীপট্টিত ।
কবিড-১৯ ত আক্ৰান্ত লোকজনৰ গুৱাহাটীৰ ‘স্পেনিছ গাৰ্ডেন’ৰ ঘৰখনৰ লগত তেওঁৰ নগাঁও চহৰত থকা পৰিয়ালৰ লোক সকলৰ সঘন আহযাহ আছে।সেয়ে মনীষ তীব্ৰেৱাল কবিড-১৯ ত আক্ৰান্ত হোৱা খবৰটোৱে তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকৰ লগতে নগাঁও চহৰৰ বাসিন্দাসকলো শংকিত হৈ পৰিছে । উল্লেখ্য যে মনীষৰ নগাঁৱৰ ঘৰত থকা পৰিয়ালৰ সদস্য সকল তেওঁৰ গুৱাহাটীৰ ফ্লেটলৈ গৈ তেওঁৰ সংস্পৰ্শলৈ আহিছিল । যাৰ বাবে তেওঁ লোকো সংক্ৰমিত হোৱাৰ আশংকাত ভুগিছে। যোৱা ১৭ মাৰ্চ পৰ্যন্ত তেওঁলোকৰ এই আহযাহ অব্যাহত থকা বুলি জানিব পৰা গৈছে ।
ইতিমধ্যে তীৱৰেৱালৰ নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ বাসগৃহত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ নগাঁৱস্থ বাসগৃহৰ পৰা তেওঁৰ পিতৃ, মাতৃ, ভাতৃ, ভাই বোৱাৰী, পাঁচ বছৰীয়া ভতিজীসহ মুঠ ১১ জন লোকক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান তেওঁলোক আটাইকে কন্দলি আদৰ্শ চিকিৎসালয়ৰ আছুতীয়া কক্ষত কোৱাৰেন্টাইন ৰখা হৈছে। স্বাস্থ্য বিভাগে ইতিমধ্যে তেওঁলোকৰ তেজৰ নমুনা সংগ্ৰহৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।













