ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
সংগমৰত অৱস্থাতেই মৃত্যু হৈছিল সিহঁতৰ। সেই অৱস্থাতেই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল সিহঁত। ইয়াৰ পিছত ৪ কোটি বছৰ ধৰি আলিংগনবদ্ধ হৈয়েই থাকিল।বিজ্ঞানীসকলে সিহঁতৰ জীৱাষ্ম দেখি তবধ মানে!
আন্তৰ্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুযায়ী, সংগমৰত অৱস্থাতেই দুটি মাখি গছৰ আঠাত লাগি ধৰি আছিল ইমান দিনে।ইমান দিন মানে কিমান সময়? শুনিলে হয়তো চকু কপালত উঠিব। ৪ কোটি বছৰ ধৰি এনেদৰেই লাগি আছিল মাখি দুটা।অষ্ট্ৰেলিয়া-নিউজিলেণ্ড সীমান্তৱৰ্তী এটা স্থানৰ পৰা এই দুটা মাখিৰ জীৱাষ্ম উদ্ধাৰ কৰিছে এদল বিজ্ঞানীয়ে।
সংগমৰত অৱস্থাতে গছৰ আঠাত লাগি ধৰে সিহঁত। তাৰ পিছত তাতেই মৃত্যু। গছৰ আঠাত সিহঁতৰ দেহাৱশেষ লাগি ধৰি আছিল ইমান বছৰ। একেদৰেই, যেনেদৰে সিহঁত শেষবাৰ মিলিত হৈছিল।পতঙ্গ বিশেষঞ্জ জেফৰে ষ্টীলৱেলে জনোৱা মতে, “গছৰ আঠা শুকাই গৈছিল স্বাভাৱিকভাৱে। আমি সেই শুকান আঠাৰ অংশ মাইক্ৰস্কোপত দেখি অবাক হৈ গৈছিলোঁ।
দুটা মাখিৰ শৰীৰ এটাৰ সৈতে আনটো প্ৰায় লাগি ধৰি আছিল।এইটো কেইবা কোটি বছৰ পূৰ্বৰ জীৱাষ্ম ! আমিতো প্ৰথমে অবাক হৈ গৈছিলোঁ।অৱশ্যে কেৱল মাখিয়েই নহয়, গছৰ আঠাত লাগি থকা পৰুৱা, মকৰাৰো জীৱাষ্ম উদ্ধাৰ কৰিছোঁ আমি। কিন্তু এই দুটা মাখিৰ জীৱাষ্ম অদ্ভূত।”