ASSAM TIMES POST
নিউজ ডেস্ক
লক ডাউন খোলাৰ পিছত অসমৰ বাহিৰত থকা ব্যক্তিসকল যদি অসমলৈ ঘূৰি আহিব বিচাৰে তাৰ বাবে ল’ব লাগিব অসম চৰকাৰৰ পৰা ৰাজ্যত প্ৰৱেশৰ অনুজ্ঞাপত্ৰ।তাৰ বাবে ৰাজ্য চৰকাৰে অহা দুই-তিনিদিনৰ ভিতৰত মুকলি কৰিব নিৰ্দিষ্ট ৱেবছাইট।এই কথা জানিবলৈ দিছে স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।

আজি এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয় লক ডাউন খোলাৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যিক থকা আৰু দেশৰ বাহিৰত থকা অসমীয়াৰ সন্তান সকল ঘূৰি আহোঁ কলে আহিব নোৱাৰিব।তেঁওলোক ঘূৰি অহাৰ পূৰ্বে এটা ৰেজিষ্ট্ৰেছন কৰিব লাগিব।সেই নিৰ্দিষ্ট ৰেজিষ্ট্ৰেছনৰ ভিত্তিত ঘূৰি আহিব বিচৰা ব্যক্তিগৰাকীক অহাৰ বাবে নিৰ্দিষ্ট দিনত পাৰ্টীত প্ৰদান কৰিব আৰু সেই পাৰ্মিত লৈ নিৰ্দিষ্ট দিনত আহিব লাগিব।
উল্লেখ যে অসম চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱা মূলতে হল ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে যাতে তেওঁলোকক কোৰাৱাণ্টাইন কৰিবলৈ সুবিধা হয়।মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।ইফালে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অহা দুই-তিনিদিনৰ ভিতৰত গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।আনহাতে এই বিষয়ত ৰাইজে যদি পৰামৰ্শ দিব চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা পূৰ্বে দিবলৈ মন্ত্ৰী শৰ্মাই আহ্বান জনায়।













