ASSAM TIMES POST
গুৱাহাটীঃ সোণোৱাল চৰকাৰৰ কেবিনট সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা ৰাজ্য বজাৰত উপলব্ধ হ’ব আৱকাৰী বিভাগে প্ৰস্তুত কৰা হেণ্ড ছেনিটাইজাৰ। নিৰ্ধাৰিত মূল্যত কৈ কম মূল্যত জনতাক যোগান ধৰা হ’ব হেণ্ড ছেনিটাইজাৰ। এই কথা প্ৰকাশ কৰিলে ৰাজ্য আৱকাৰী আৰু বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই। উল্লেখ যে, বৰ্তমান ৰাজ্য বজাৰত উপলব্ধ হোৱা সাধাৰণ ছেনিটাইজাৰ অধিক মূল্যত বিক্ৰী হৈ থকাৰ বাবে সকলোৱে সুবিধা হোৱাকৈ কম মূল্যত চৰকাৰে যোগান ধৰিব বিচাৰিছে ছেনিটাজাৰ।
গুৰুত্বপূৰ্ণ কথা এই যে, মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যবাসীৰ বাবে আৱকাৰী বিভাগে প্ৰস্তুত কৰিব ৫ লাখ লিটাৰ হেণ্ড ছেনিটাইজা। বিশ্ব স্বাস্থ্য সন্থা গাইডলাইন অনুসৰি প্ৰস্তুত কৰা হ’ব এই ছেনিটাইজাৰ। এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী শুক্ল বৈদ্যই।
উল্লেখ যে, মহানগৰী জনতাৰ বাবে হেণ্ড ছেনিটাইজাৰ উপলব্ধ হ’ব পাঞ্জবাৰী বিপনণ ক্ষেত্ৰ, বেলতলা লক্ষ্মী মন্দিৰৰ সমীপত জেডিবি ছুপাৰ মাৰ্কেটত।
ইয়াৰ উপৰিও মন্ত্ৰী শুল্ক বৈদ্যই মহামাৰী দুৰ্যোগৰ সময়ত জীৱনক তুচ্ছ কৰি সুচাৰুৰূপে কৰ্তব্য পালন কৰি থকা ৰাজ্য বনবিভাগৰ কৰ্মচাৰীসকলক ধন্যবাদ জনাই। তেওঁ কয়, “এই সময়ছোৱাত আপোনালোকে বন্য প্ৰাণীসকলক সুৰক্ষা দিয়াৰ বাবে যিদৰে কৰ্তব্য পালন কৰিছে তাক মন্ত্ৰী হিচাপে আদৰণি আৰু প্ৰশংসা কৰিছোঁ”।
লগতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনায় কয় “আমাৰ কৰ্মচাৰীসকলে ক’ভিড-১৯ৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে। চৰকাৰ তথা স্বাস্থ্য বিভাগে বান্ধি নীতি-নিয়ম মানি চলি সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে জনতাৰ মাজত প্ৰচাৰ চলাব লাগে”।













