ASSAM TIMES POST
গুৱাহাটী : দিল্লীৰ নিজামুদ্দিন তবলীগৰ পিছত এইবাৰ গুৱাহাটীৰ মহানগৰী আঠগাঁও কৱৰস্থান মছজিদ চিহ্নিত হৈছে ক’ৰনা ভাইৰাছৰ হতস্পটত।কিয়নো উক্ত মছজিদত নিজামুদ্দিনৰ পৰা আহি আশ্ৰয় লোৱাৰ লগতে ১০০জন ব্যক্তিৰ সৈতে মছজিদত অংশগ্ৰহণ কৰিছিল বৈঠকত।এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা ভয়ংকৰ তথ্য কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়- যোৱা ১২মার্চত উক্ত মছজিদত অনুষ্ঠিত হৈছিল এক বৈঠক বা মাছোৰা।বৈঠকত অংশগ্ৰহণ কৰা তিনিজন ব্যক্তি দেহত ধৰা পৰিছে ক’ৰনা উপস্থিতি।ধুবুৰী জামালুদ্দিন হাজিৰ, কৰিমগঞ্জ জামালুদ্দিন হাজিৰ আৰু ধুবুৰী ৰহি উদ্দীন।উল্লেখ যে মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দুই জামালুদ্দিন নিজামুদ্দিনৰ পৰা অহা বিপৰীতে ধুবুৰী আক্রান্ত জন নিজামুদ্দিন যোৱা নাছিল।
কিন্তু সেইসকল ব্যক্তি লগত আঠগাঁও মছজিদত বৈঠকত আছিল আৰু তাতে ৰাতি কটাছিল। আৰক্ষীৰ অনুসন্ধানত এই কথা পোহৰলৈ অহাৰ পিছতে আগন্তক ১৪দিনৰ বাবে আঠগাঁও কৱৰস্থান মছজিদ চীল কৰিব প্ৰশাসনে।এই সময়ছোৱাত মছজিদৰ ভিতৰত কোনো ব্যক্তি প্ৰৱেশ আৰু প্ৰস্তান কৰিব নোৱাৰিব।যিসকল ব্যক্তি মছজিদৰ ভিতৰত থাকিব তেওঁলোকক জিলা প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হব খাদ্য।মন্ত্ৰী শৰ্মাই লগতে জানিবলৈ দিয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে মছজিদৰ ভিতৰত নগাঁও চামচুল আলমৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকখনত উপস্থিত থকা ১০০জন ব্যক্তিৰ ৫৮জন ব্যক্তি নাম শাস্ত্ৰ বিভাগৰ ওচৰত আহি পোৱা বুলি অৱগত কৰিছে।তাৰে কিছু সংখ্যক ব্যক্তিক কোৱাৰাণ্টাইন কৰা হৈছে আৰু বাকী সকলক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বুলি মন্ত্ৰী শর্মাই অৱগত কৰে।













