ASSAM TIMES POST
গুৱাহাটীঃ লকডাউন ভংগকাৰী বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী মহানগৰ জিলা প্ৰশাসন। শুক্ৰবাৰ দিনটোত লকডাউন ভংগ কৰি বাহন লৈ ওলায় অহা ব্যক্তি বিৰুদ্ধে মহানগৰীৰ বিভিন্ন স্থানত চলোৱা হয় তালাচী।মহানগৰীৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি দিনটোত গুৱাহাটীৰ ২০খন থানাত জব্দ কৰা হয় মুঠ ৮৮৭খন বাহন।
দুচকীয়া ৭৮০খন, তিনিচকীয়া ৯খন আৰু চাৰিচকীয়া ৯৮খন বাহন জব্দ কৰে আৰক্ষীয়ে। গুৰুত্বপূৰ্ণ কথা এই যে, আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সৰ্বাধিক দিছপুৰ থানাত জব্দ কৰা হয় ৮০খন বাহন।ইফালে যোৱা ২৪মার্চ পৰা আজি ১০এপ্ৰিল লৈকে সমগ্ৰ গুৱাহাটীত জব্দ কৰা হৈছে ৩৮৬৪খন বাহন।













