ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
বোকাখাত থানাৰ অন্তৰ্গত বিহৰা কুঁহিয়াৰ বাৰীৰ ১২ নং লাইনৰ সমীপৰ ধনশিৰি নিত গা ধুই থকা অৱস্থাত এজন ১৭ বছৰীয়া যুৱকৰ ডুবি মৃত্যু হয়। জানিব পৰা মতে বিহৰা বাগিছাৰ কুঁহিয়াৰ বাৰীৰ ৭ জন ল’ৰাই নৈখনত গা ধুই আছিল।


ইয়াৰ মাজতে ৰাজু তাঁতীৰ পুত্ৰ অজিত তাঁতী (১৭) গভীৰ পানীত ডুব যায়। বাকী কেইজন লগৰীয়াই বহুপৰ অপেক্ষা কৰাৰ পাছতো অজিত পানীৰ পৰা ওলাই নহাত স্থানীয় ৰাইজক খবৰ দিয়ে।
লগে লগে বোকাখাত থানাৰ আৰক্ষী আৰু গোলাঘাটৰ পৰা এন ডি আৰ এফ ঘটনাস্থলীত উপস্থিত হৈ অজিত তাঁতীৰ সন্ধান কৰি যুৱকজনৰ মৃতদেহ পানীৰ পৰা বিচাৰি উলিয়াবলৈ সক্ষম হয়। অজিত তাঁতীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।













