ASSAM TIMES POST
নিউজ ডেস্ক
ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত মহামাৰী ক’ৰ’ণা বিৰুদ্ধে অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক।খানাপাৰাস্থিত একাডেমিক ষ্টাফ কলেজত অনুষ্ঠিত সৰ্বদলীয় বৈঠক উপস্থিত থাকে ৰাজ্য সকলো ৰাজনৈতিক দলৰ নেতৃত্বৰ আৰু প্ৰতিনিধিৰ।চৰকাৰীৰ পক্ষৰ হৈ উপস্থিত থকা মুখ্যমন্ত্ৰী উপৰিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, বিজেপি সভাপতি ৰঞ্জিত দাস প্ৰমুখ্যে বহুকেইজন মন্ত্ৰী-বিধায়ক।ইয়াৰ উপৰিও কংগ্ৰেছ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন।কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া, প্ৰমোদ বড়ো, এইআইইউডিএফৰ নেতৃত্ব প্ৰমুখ্যে এনচিপিৰ প্ৰতিনিধিৰ।
দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হোৱা বৈঠকত ক’ৰনা ভাইৰাছ বিৰুদ্ধে সৰ্বশক্তিৰে সকলোৱে আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।লকডাউনৰ সময়ছোৱাত ৰাজ্যখনত সৃষ্টি হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।দেশ দ্বিতীয় পৰ্যায়ৰ লকডাউন অৰ্থাত অহা ১৪এপ্ৰিলৰ পৰা হ’ব লগা লকডাউনৰ নতুন নীতি নিয়মৰ সন্দৰ্ভতো সৰ্বদলীয় সভাত বিস্তৃত ভাৱে আলোচনা কৰা হয়।ৰাজ্য দৰিদ্ৰ জনতা তথা কৃষক সমাজক লকডাউনৰ সময়ত উপকৃত কৰিব পৰাকৈ লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছে সকলোৱে।
গুৰুত্বপূৰ্ণ এই যে যোৱা ২৪মার্চ পৰা ২১দিনৰ বাবে আহ্বান জনোৱা লকডাউনৰ সময়ত ৰাজ্য দৰিদ্ৰ তথা কৃষক, শ্ৰমিক সকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে সভাত বিতংক কৈ আলোচনা কৰা হয়।কৃষি খণ্ডত সন্মুখীন হোৱা লোকচানৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় চৰকাৰে গ্ৰহণ কৰা প্ৰদক্ষেপ একমত আৰু উৎসাহিত বুলি প্ৰকাশ কৰিছে।আগন্তক দিনত চৰকাৰক সকলো দিশত সহযোগিতা কৰা আশ্বাস প্ৰদান কৰিছে সকলো দলে।টিম আসাম মানসিকতাৰে কাম কৰা সংকল্প গ্ৰহণ কৰা বুলি সোনোৱালে কয়।
জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰতিজন ব্যক্তিলৈ সৰ্বদলীয় বৈঠকে ধন্যবাদ জনোৱা লগতে আজি বৈঠকত উপস্থিত থকা সকলো বিৰোধী দলক কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী সোনোৱালে।তেওঁ কয় “বিৰোধীৰ দল সমূহে দিয়া পৰামৰ্শ অনুযায়ী আগবাঢ়িম আগন্তক দিনত।চৰকাৰে তেওঁ লোকৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে দায়বদ্ধ”। গুৰুত্বপূৰ্ণ কথা এই যে সোনোৱাল চৰকাৰৰ আজি অনুষ্ঠিত হব লগা কেবিনট বৈঠকত সৰ্বদলীয় সভাৰ পৰামৰ্শ সমূহ উথাপন সিদ্ধান্ত গ্ৰহণ কৰা হব।













