ASSAM TIMES POST
অন্ন দান মহান দান, কলাইগাঁও সমষ্টিৰ পানবাৰী গলন্দি হাবি অঞ্চলৰ দুখীয়া দৰিদ্ৰ পৰিয়াললৈ অন্নৰ যোগান ধৰিলে দৰং জিলা যুৱ কংগ্ৰেছৰ সভাপতি তথা জিলা পৰিষদৰ সদস্য হুমায়ুন কবিৰে। লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা দিন ৰাতি একাকাৰ কৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সকললৈ নিজ গাঠিৰ ধনেৰে খাদ্যৰ যোগান ধৰি সংবাদ মাধ্যমত চৰ্চিত হৈছে যুৱ নেতাগৰাকীয়ে।













