ASSAM TIMES POST
নগাঁও : ক’ৰ’ণা ভাইৰাছ কোভিড-১৯ৰ আতংকত বাংগালোৰৰ কোম্পানীত কৰ্মৰত এজন শ্ৰমিক খোজকাঢ়ি আহি গৃহ জিলা নগাঁও পোৱাৰ এক তথ্য পোহৰলৈ আহিছে। সুদূৰ বাংগালোৰৰ পৰা উত্তৰপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ হৈ পথেৰে খোজকাঢ়ি আহি কালি নগাঁৱত লোকজন উপস্হিত হয়হি বুলি জানিব পৰা গৈছে।
নগাঁৱৰ এই লোকজনৰ নাম যাদৱ গগৈ। ঘৰ জিলাখনৰ কৰৈৱনীৰ গধৰীয়া গাঁৱত। প্ৰায় পঞ্চাশ বছৰ বয়সীয়া লোকজন বাংগালোৰ বাপি নামৰ ঠাইত কোনো কোম্পানীত কৰ্মৰত আছিল। সমগ্ৰ দেশত লকডাউন চলি থকা অৱস্হাতে ২৭ মাৰ্চত গুজৰাটৰ পৰা খোজকাঢ়ি বাট লয় নিজ গৃহলৈ বুলি। ২৭ মাৰ্চত এখন সামগ্ৰী কঢ়িওৱা গাড়ীত উঠি আহি তেওঁ উত্তৰ প্ৰদেশত উপস্থিত হয়।
তাৰ পাছত খোজ কাঢ়িয়েই ঘৰ লৈ বুলি বাট লয়। বাটতে পকেট মাৰে তেওঁৰ পৰা চাৰি হাজাৰ টকা লৈ যায়। পকেটত একো নথকাত পথত ১০ টকা ২০ টকা আনৰ পৰা খুজি লৈ বিস্কুট পানী খাই আহি ২৩ দিনৰ অন্তত ১৯ এপ্ৰিলত আহি উপস্থিত হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ মৰিগাঁও জিলাৰ আঁহতগুৰিত। আঁহতগুৰিত এঘৰ মানুহে তেওঁক কিবা খাবলৈ দিয়ে । তাৰ পৰাই তেওঁ ঘৰলৈ ফোন কৰে।
তাৰপাছত তেওঁৰ পৰিয়ালৰ ব্যক্তি আৰু পুৰণিগুদামৰ স্থানীয় ব্যক্তি জিতুমনি মহন্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিকৰ সাধাৰণ সম্পাদক দিব্যজিৎ হাজৰিকা আৰু সভাপতি চন্দন ফুকনৰ উপস্থিতিত তেওঁক উদ্ধাৰ কৰা হয়।
ৰহাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাত তেওঁক ১০৮ জৰুৰীকালীন সেৱাৰ সহায়ত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লকডাউনৰ সময়ছোৱাত লোকজন ইমান দূৰ পথ খোজকাঢ়ি কেনেদৰে অতিক্ৰম কৰিলে তাক লৈ প্ৰশ্ন উদয় হৈছে।













