ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
বোকাখাতৰ খুমটাই আৰক্ষী থানা এলেকাৰ কমাৰগাওঁ কচুপথাৰৰ এটি বাসগৃহত উদ্ধাৰ হৈছে এটি বিৰল প্ৰজাতিৰ কেকো সাপ। বোকাখাত মহকুমাৰ আৰক্ষী বিষয়া পৃত্থীৰাজ ৰাজখোৱাৰ বিশেষ তত্বপৰতাত সোমবাৰে বিয়লি উক্ত স্থানৰ গণেশ গোহাঁই নামৰ ব্যক্তিৰ বাসগৃহৰ পৰা এটা উদ্ধাৰ কৰা হয় কেকো সাপটো ৷
জানিব পৰা মতে কচুপথাৰৰ বাসিন্দা গৰাকীয়ে দিয়া তথ্যৰ আধাৰতে মহকুমা আৰক্ষী বিষয়াজন নিজেই গৈ বাসগৃহটোৰ পৰা কেকো সাপটো উদ্ধাৰ কৰি আনে ৷ চোৰাংচিকাৰীৰ শেন চকুৰ পৰা ৰক্ষা কৰিবৰ বাবে সাপটোৰ উপস্থিতিৰ বিষয়ে আৰক্ষীক অৱগত কৰে গনেশ গোঁহায়ে ৷
উদ্ধাৰৰ পাছত কেকো সাপটো কাজিৰঙাৰ বন্যপ্ৰাণী পুণৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰটোৰ হাতত অৰ্পণ কৰে আৰক্ষী বিষয়া পৃত্থীৰাজ ৰাজখোৱাই ৷ কেকো সাপৰ চোৰাং ব্যৱসায় চলি থকাৰ বাবেই সাপটো ধৰি বন্যপ্ৰাণী পুণৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰটোক সাপটোৰ পুণৰ সংস্থাপনৰ বাবে অৰ্পন কৰা বুলি বিষয়া গৰাকীয়ে জনায় ৷ আৰক্ষী বিষয়া গৰাকীৰ এনে তৎপৰতাৰ শলাগ লৈছে ৰাইজে।













