ASSAM TIMES POST
নলবাৰী: অহাকালিৰে পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ ৰমজান মাহ । কিন্তু কোভিড-১৯ ৰ বাবে ইছলাম ধৰ্মী লোকসকলে আদায় কৰিব নোৱাৰিব সমূহীয়া ঈদৰ নামাজ বা সমূহীয়া ইফতাৰতো অংশগ্ৰহণ কৰিব নোৱাৰিব তেওঁলোকে ।
লকডাউনৰ নিয়ম মানি তেওঁলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ হেতু মছজিদত জুম্মাৰ নামাজো আদায় কৰাত বাধা আছে সম্প্ৰতি । গতিকে এইবোৰ কথা আলোচনা কৰাৰ বাবে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে মছজিদ কমিটীসমূহৰ লোকসকলক মাতি আনি নলবাৰী জিলা পৰিষদৰ সভাকক্ষত আজি অধ্যক্ষ নিতুল ডেকা আৰু মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাৰ উপস্থিতিত এক সভাত মিলিত হয় ।
উপায়ুক্তগৰাকীয়ে কয় যে ইছলাম ধৰ্মাৱলম্বী লোকসকলে কোভিড-১৯ আৰু লকডাউনৰ নিয়মসমূহ ভালদৰে অৱগত । ৰমজান মাহতো যাতে তেওঁলোকে এই নিয়মসমূহ মানি দেশৰ এই সংকটৰ সময়ত জিলা প্ৰশাসনৰ লগত সহযোগিতা আগবঢ়ায় ।
ৰমজান মাহত ফলমূল আদি উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিবলৈ জনোৱা অনুৰোধমৰ্মে উপায়ুক্ত শ্ৰী দেৱ চৌধুৰীয়ে জানিবলৈ দিয়ে যে তেওঁলোকৰ সুবিধাৰ্থে অহাকালিৰে পৰা নলবাৰী পৌৰসভাৰ ৱাৰ্ডে ৱাৰ্ডে ফলমূলৰ লগতে মাছো উপলব্ধ কৰোৱা হ’ব বুলি আস্বাস দিয়ে ।
জিলা উপায়ুক্তগৰাকীৰ আস্বাসত মছজিদ কমিটীৰ লোকসকলে তেওঁক ধন্যবাদ জ্ঞাপন কৰে আৰু লকডাউনৰ নিয়মসমূহ মানি ৰমজান মাহ পালন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা আৰু অধ্যক্ষ নিতুল ডেকাই মছজিদ কমিটীৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰে ।













