ASSAM TIMES POST
উৎপল দাস ,গোলাঘাটঃ
সমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা মহামাৰীয়ে সংহাৰ ৰূপ ধাৰণ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে মাহযোৰা লকডাউনৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত সাধাৰণ শ্ৰেণীৰ জনসাধাৰণৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্হাৰ সৃষ্টি হৈছে|
গোলাঘাট জিলাতো লকডাউনৰ কাৰ্যসূচীৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে একাংশ খাতি খোৱা দৰিদ্ৰ লোকৰ মাজলৈ বাৰুকৈয়ে বিপৰ্যয় নমাই আনিছে| এই দৰিদ্ৰ লোক সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে হৃদয়বান বন্ধুৰ দ্বাৰা গঠিত ‘বকুল তলৰ বন্ধু’ৰ সদস্যসকল|

উল্লেখ্য যে ২০১২ চনত গোলাঘাটৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সন্মুখৰ সৰু বকুল জোপাৰ তলত একাংশ সহপাঠীৰ বন্ধুত্বৰ এনাজৰীৰে গঢ় লৈ উঠিছিল ‘বকুল তলৰ বন্ধু’ নামৰ গোটটো| সেই সময়ৰে পৰা এই বন্ধু গোটৰ সদস্যসকলে বিভিন্ন সময়ত বিপদত পৰা সকলক নিজৰ সাধ্যনুসৰি সহায়ৰ হাত আগবঢ়াই আহিছে|
ইতিমধ্যে এই বন্ধু গোটে ৮ বছৰ অতিক্ৰম কৰাৰ লগতে এই সদস্যসকলে মহাবিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি বিভিন্ন বৃত্তিত নিয়োজিত হৈ পৰিছে যদিও দুখীয়া, আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱাৰ বাট প্ৰশস্ত কৰি ৰাখিছে|
বৰ্তমান ক’ৰ’ণা মহামাৰীৰ সংকটৰ সময়ত বন্ধু গোটৰ সদস্যসকল একত্রিত হৈ আৰ্তজনক নিজৰ সাধ্যানুসৰি কিছু সহায়ৰ বাবে আগবাঢ়ি আগবাঢ়ি আহে৷ সেই অনুসৰি জিলাখনৰ কছাৰীহাটৰ বামুনগাঁও, ঢেকিয়ালৰ মলিয়াগাঁও, যোগীবাৰী, এৰেঙাপাৰ আদি অঞ্চলৰ শতাধিক লোকৰ মাজত চাউল, আলু, মিঠাতেলকে ধৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলা যোগান ধৰে|
‘বকুল তলৰ বন্ধু’ গোটৰ সদস্যসকলৰ এনে পদক্ষেপক সকলোৱে শলাগ লৈছে| উল্লেখ্য যে উক্ত বন্ধু গোটৰ সদস্যসকল হ’ল কাঞ্চন কৌশিক বৰা, অংকুৰ গগৈ, ৰাহুল বৰা, ৰক্তিম বৰা, মনোজ গগৈ, ৰাজু গগৈ, হেমন্ত গগৈ, বাপা কৰ্মকাৰ, কিৰণ বৰা, হীৰকজ্যোতি লাহন, সীমান্ত ফুকন, মৌচুম দত্ত, পাৰ্থপ্ৰতিম দত্ত, শশাংক হাজৰিকা, বিদ্যুৎ শইকীয়া, অজয় শইকীয়া, চৈতন্য গগৈ, অনিৰ্বান শইকীয়া, হিৰণ্য দাস, দীপাংকৰ দাস, অভিলাষ ৰাজখোৱা, ৰিতুৰাজ তামুলী আৰু ৰিতুপন শইকীয়া৷













