ASSAM TIMES POST
গোলাঘাটঃ যিসময়ত লকডাউনৰ বাবে সমগ্ৰ ভাৰততে বিদ্যালয়, মহাবিদ্যালয়ত নিয়মীয়া পাঠদান বন্ধ হৈ ছাত্ৰ ছাত্ৰীৰ বহুমূলীয়া এটা শিক্ষা বৰ্ষ নষ্ট হোৱাৰ সম্ভাৱনীয়তাত অভিভাৱক, ছাত্ৰ-ছাত্ৰী উপায়ন্তৰ হৈ পৰিছে সেই সময়ত গোলাঘাটত মাধ্যমিক শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ আগুৱাই গৈছে কেইবাটাও ব্যতিক্ৰমী অভিনৱ প্ৰয়াসেৰে।
জিলা পৰিদৰ্শক ড০ সমীৰণ বৰাৰ নেতৃত্বত গোলাঘাট জিলাৰ ১৬০ খনৰো অধিক উচচ আৰু উচচতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত যোৱা ২৪ মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হৈছিল অনলাইন পাঠদান। বিশেষকৈ প্ৰত্যক্ষ মোবাইল ফোন, ৱাটছএপ আৰু গোলাঘাট জিলাৰ পৰিদৰ্শকৰ নেতৃত্বত সৃষ্টি কৰা ইউটিউবৰ জৰিয়তে জিলাখনৰ প্ৰায় ৯০% শতাংশ ছাত্ৰ ছাত্ৰীক অনলাইন পাঠদানৰ দ্বাৰা ব্যৱস্থা কৰা হৈছে।
ইয়াৰোপৰি প্ৰতিখন বিদ্যালয়ৰ শিক্ষকে ‘ঝুম’ এপৰ জৰিয়তে সকলো বিষয়তে অষ্টম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান অব্যাহত ৰাখিছে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বুলি সমূহ বিদ্যালয়ৰ মুৰব্বী আৰু অভিভাৱক সকলে জনাইছে। সেইবাবে প্ৰথম গোট পৰীক্ষাৰ পাঠ্যক্ৰমৰ অন্তত গোলাঘাট মাধ্যমিক শিক্ষা বিভাগৰ উদ্যোগত, কাইলৈৰ পৰা অষ্টম মানৰ পৰা দশম মানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক অনলাইন মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে বুলি আমাক জনাইছে।
অনলাইন মূল্যায়নৰ প্ৰশ্নসমূহ বস্তুনিষ্ঠ আৰু পোনপটীয়া হ’ব। এদিনত প্ৰতি শ্ৰেণীৰ দুটাকৈ বিষয় লৈ মূঠতে ২৮ এপ্ৰিললৈ এই মূল্যায়ন ব্যৱস্থা চলিব। উল্লেখযোগ্য যে, যি সকল ছাত্ৰ ছাত্ৰীৰ ‘এনৰইড’ ফোন নাই, সেইসকল ছাত্ৰ ছাত্ৰীক সহায় কৰিবৰ বাবে সেই অঞ্চলৰ মহাবিদ্যালয়ত পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীৰ সৈতে যোগাযোগ কৰা হৈছে।
ইয়াৰ বাবে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাৰে লকডাউনৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি সামাজিক দূৰত্ব বজাই ৰাখি পাঠদান আৰু অনলাইন মূল্যায়নৰ প্ৰস্ততি চলাই থকা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আগ্ৰহী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, যিসকল মহাবিদ্যালয়ত স্নাতক শাখাত পঢ়ি থকা বা স্নাতক তেওঁলোকক বিভিন্ন এলেকাত এনেধৰণে শিক্ষাদান কৰিবলৈ আহ্বান তথা নিয়োজিত কৰা হৈছে ।
ইতিমধ্যে মুহিৰাম হাজৰিকা উঃ মাঃ, নুমলীগড় , দেৰগাওঁ বালিকা, ৰজাবাৰী, কাজিৰঙা, ন-ভঙা এইবোৰ বিদ্যালয়ে এই ক্ষেত্ৰত বহুতো পৰিমানে সফলতা লাভ কৰিছে। উল্লেখ্য হ’ল বিদ্যালয় পৰিদৰ্শকৰ উদ্যোগতো কেন্দ্ৰীয়ভাৱে যোৱা ২৩ এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ কৰিছে নিয়মীয়া অনলাইন পাঠদানৰ ব্যৱস্থা। জিলাখনৰ অষ্টম, নৱম আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰতিটো বিষয়ত মুঠ ৩৭ গৰাকী অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দি থকা হৈছে।
ইতিমধ্যে যোৱা দুদিনত জিলাখনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে এই অনলাইন পাঠদানত অংশগ্ৰহণ কৰিছে। গোলাঘাটত মাধ্যমিক শিক্ষা বিভাগৰ নিজা ৱেবছাইটৰ সৈতে “গুগল মীত” প্লেটফৰ্মৰ জৰিয়তে এই পাঠদান পুৱা ৮ বজাত আৰম্ভ হৈ ১০ বজাত শেষ হয়, আকৌ ১১ বজাত আৰম্ভ হৈ ১-৪০ ত শেষ হয়, আবেলি ৪ বজাত আৰম্ভ হৈ ৬-৪০ ত শেষ হয়।
কেন্দ্ৰীয় ভাৱে একেলগে পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা অনলাইন পাঠদানৰ এই প্ৰচেষ্টাই জিলাখনৰ মুঠ ৪৬০০০ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৯০০০ ছাত্ৰ-ছাত্ৰীক প্ৰত্যক্ষ ভাবে উপকৃত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশটোত যথেষ্ট যোগাত্মক প্ৰভাৱ পেলাইছে।
বিদ্যালয় পৰিদৰ্শক ড° বৰাৰ এই প্ৰচেষ্টা অসমৰ ভিতৰতে হয়তো প্ৰথম। গোলাঘাট জিলাৰ মাধ্যমিক স্তৰত নিজৰ ব্যতিক্ৰমী পদক্ষেপেৰে জিলাখনৰ শৈক্ষিক পৰিবেশ উন্নীত কৰিবলৈ চেষ্টা কৰা গোলাঘাট জিলাৰ মাধ্যমিক শিক্ষা বিভাগৰ এই প্ৰচেষ্টাক জিলাখনৰ অভিভাৱক, ছাত্ৰ-ছাত্ৰীৰ লগতে সচেতন মহলে গভীৰ আদৰিছে আৰু সন্তুষ্টি প্ৰকাশ কৰিছে।













