ASSAM TIMES POST
নিউজ ডেস্ক
বিশ্বাত্ৰাস ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ যুজঁলৈ ৰাজ্য চৰকাৰক সহায় হাত কটন বিশ্ববিদ্যালয় একাংশ ছাত্ৰ-ছাত্ৰীৰ।বিশ্ববিদ্যালয় খনৰ তিনিখন হোষ্টেল ক্ৰমে এম.এন.ডিপি, এছ.কে.এল আৰু ডি.কে.আৰ আৱাসিক ছাত্ৰ-ছাত্ৰীৰ সকলে ‘অসম আৰোগ্য নিধি’লৈ আগবঢ়াই আৰ্থিক সাহায্য।
তিনিখন হোষ্টেলৰ প্ৰায় ২২০ গৰাকীৰ আৱাসিক ছাত্ৰ-ছাত্ৰীয়ে মুঠ ১৩হাজাৰ ৮০১টকা অসম আৰোগ্য নিধি’লৈ আগবঢ়ায়।এই কথা জানিবলৈ দিয়ে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰা নিবাসৰ ছাত্ৰ প্ৰাঞ্জল কলিতাই।উল্লেখ যে লকডাউনৰ বাবে বিশ্ববিদ্যালয়ৰ হোষ্টেল সমূহ বৰ্তমান বন্ধ হৈ আছে।
ছাত্ৰ-ছাত্ৰী সকলে ঘৰত থাকিয়ে সমাজিক মাধ্যম অথবা মোবাইল ফোনৰ জৰিয়তে যোগাযোগ কৰি অৰ্থসংগ্ৰহ কৰি শুক্ৰবাৰে জমা দিয়ে অসম আৰোগ্য নিধিত।তাপৰ্য পূৰ্ণ কথা এই যে ইতিমধ্যে ১০০কোটিৰ ওপৰত আৰ্থিক অনুদান সংগ্ৰহ হৈছে অসম আৰোগ্য নিধিত।













