ASSAM TIMES POST
অজন্তা তালুকদাৰ, বােকাখাত
“এয়া মানৱ ইতিহাস পৰিবৰ্তনৰ এটা সময়। অর্থাৎ সু-শৃংখল বৈজ্ঞানিক সভ্যতাৰ প্রসৱ বেদনা মাত্র”। কৰণা ভাইৰাচৰ সন্দৰ্ভত প্রকাশিত এক গ্রন্থ উন্মোচন অনুষ্ঠানত আজি এই মন্তব্য কৰে বােকাখাতৰ অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ বােধেশ্বৰ গগৈয়ে।

আজি বােকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্টুপীয়াকৈ আয়ােজিত এক উন্মােচনী সভাত কিতাপখনৰ সন্দর্ভত তেওঁ কয় যে, “মহাত্রাস কৰ’ণাৰ বিৰুদ্ধে প্রতিষেধক প্রস্তুত কৰিবৰ বাবে চিকিৎসা বিজ্ঞানত থকা তিনি তৰপীয়া পদ্ধতিৰ আধাৰত পৃথিৱীৰ প্রায় ৭৫ খন দেশৰ গবেষণাগাৰত চলি আছে পৰীক্ষা-নিৰীক্ষা। বিশ্ব স্বাস্থ্য সংস্থাৰ সাহায্যত চলি থকা এই পৰীক্ষাত ইতিমধ্যে ব্যৱহৃত হৈ থকা প্রতিষেধকবােৰৰ ভিতৰত যক্ষ্মাৰোগৰ প্রতিষেধক টিকাৰ প্রাসংগিকতা ব্যাপকভাৱে চৰ্চালৈ আহিছে।
উল্লেখ্য যে, কোভিড – ১৯ বা কৰ’না ভাইৰাচৰ সন্দর্ভত ‘কৰ’ণা’ নামৰ গ্রন্থখনৰ উন্মোচনী অনুষ্ঠানত আজি বােকাখাতৰ সাংবাদিকসকল উপস্থিত থাকে। বােকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখােৱাই ‘কৰোনা’ নামৰ গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মােচন কৰে।
সামাজিক দূৰত্ব ৰক্ষা কৰি আয়ােজন কৰা অনুষ্টুপীয়া উন্মােচনী অনুষ্ঠানত লেখকে কয় যে, প্লাজমা টেকনলজি ব্যৱহাৰ কৰি সংক্রমণ হােৱা লােকক চিকিৎসা প্ৰদান কৰা পদ্ধতিৰ বিষয়ে অধ্যয়ন আৰু গৱেষণা চলি আছে। অনতিপলমেই এই মহাত্ৰাসৰ বিৰুদ্ধে মানৱ সভ্যতা জয়ী হােৱাৰ আশাও ব্যক্ত কৰিছে চিকিৎসক লিখক গৰাকীয়ে।
চিকিৎসা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা ডাঃ গগৈয়ে ইতিপূর্বে কেইবাখনাে গ্রন্থ প্রকাশ কৰিছে। অসমীয়া ভাষাত কৰ’ণা ভাইৰাচজনিত ৰোগৰ প্রথমখন গ্রন্থ হিচাপে পৰিগণিত হােৱা কৰ’ণা ভাইৰাছটোৰ উৎপত্তি তথা ই কেনেদৰে মানুহক ৰােগীয়া কৰি মৃত্যুৰ দিশে ঠেলি দিব পাৰে সেই সন্দৰ্ভত বিষদ ব্যাখ্যা দাঙি ধৰিছে।
গ্রন্থখনৰ শেষেৰ ফালে তেওঁ উল্লেখ কৰিছে যে বিশ্ব মহাত্রাস কৰ’ণাক প্রতিহত কবিবৰ বাবে বাক্তিৰ পৰা বিশ্বলৈকে সকলাে স্তৰতে এতিয়া সুশৃংখল কর্মৰ ক্ষেত্র প্রসাৰিত হৈছে। সকলােৱে ঐক্যবদ্ধভাবে ভেদাভেদ পাহৰি ভালৰ বাৰে যুঁজত নামি পৰিছে। এই সুস্থিৰ অৱস্থাটো বাহাল ৰাখিলে নতুন সামাজিক জীৱনৰ সূচনা হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। ডাঃ গগৈয়ে এই গ্রন্থখনৰ পৰা কভিড ১৯ সম্পর্কত জনসাধাৰণ যথেষ্ট উপকৃত হ’ব বুলিও উল্লেখ কৰিছে।













