ASSAM TIMES POST
নিউজ ডেস্ক:
কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ আজিৰে পৰা সমগ্ৰ দেশত দোকান খোলৰ নিৰ্দেশনাৰ জাৰি কৰাৰ পিছতে ৰাজ্যৰ মুখ্য সচিবৰ বিশেষ টুইট।মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জনালে “চলি থকা লকডাউন শিথিল হোৱা নাই।২৭এপ্ৰিলত এই সন্দৰ্ভত লোৱা হব সিদ্ধান্ত”।

‘ৰাজ্যত দুদিনৰ পিছত সকলো পৰিস্থিতিৰ পৰ্যালোচনা কৰি দোকান, বিউতি পাৰ্লাৰ আদি খোলা সন্দৰ্ভত লোৱা হব সিদ্ধান্ত’-মুখ্য সচিব গৰাকীৰ টুইটত উল্লেখ আছে।তাপৰ্য পূৰ্ণ কথা এই যে শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে কিছু নীতি-নিৰ্দেশনা মাজত দেশত দোকান সমূহ খুলিব পাৰিব বুলি জাৰি কৰিছিল এক নিৰ্দেশনা।
সেই নিৰ্দেশনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পুৱাৰ পিছতে ৰাজ্যত আজি পুৱা সুদীৰ্ঘ এটা মাহ ধৰি বন্ধ হৈ থকা দোকান সমূহ খুলিছিল।তেনে সময়তে ৰাজ্য মুখ্য সচিব গৰাকীয়ে ৰাজ্যবাসীক উদ্দেশ্য কৰি কৈছে “ৰাজ্যত দোকান সমূহ মুকলি কৰা সিদ্ধান্ত ২৭এপ্ৰিল সোমবাৰে পয্যালোচনা পিছতহে লোৱা হব সিদ্ধাত”।













