ASSAM TIMES POST
নিউজ ডেস্ক:
বিহাৰ, ত্ৰিপুৰা, পশ্চিমবঙ্গৰ প্ৰাক্তন ৰাজ্যপাল তথা বৰ্ষীয়ান ৰাজনৈতিক নেতা দেৱানন্দ কোঁৱৰৰ শনিবাৰে পুৱা ৭৭ বছৰ বয়সত মৃত্যু হয়। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে পূৱতিনিশা ২.৩০ বজাত গুৱাহাটীৰ ৰুক্মিণীগাঁওস্থিত নিজা বাসভৱনত কোঁৱৰে শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখযোগ্য যে দেৱানন্দ কোঁৱৰে ২০০৯ৰ ১৪ ডিচেম্বৰৰ পৰা ২০১০ৰ ২৩ জানুৱাৰীলৈকে পশ্চিমবঙ্গৰ, ২০১০ৰ ২৯ জুনৰ পৰা ২০১৩ৰ ২১ মাৰ্চলৈ বিহাৰ আৰু ২০১৩ৰ ২৫ মাৰ্চৰ পৰা ২০১৪ৰ ২৯ জুনলৈ ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৫৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত এগৰাকী ছাত্ৰ নেতা হিচাপে যোগদান কৰা প্ৰয়াত কোঁৱৰে ১৯৯১ৰ হিতেশ্বৰ শইকীয়া আৰু ২০০১ৰ তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আছিল।ইয়াৰ উপৰি তেওঁ গুৱাহাটী হাইকোৰ্টত ওকালতিও কৰিছিল।কোঁৱৰৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।













