ASSAM TIMES POST
উৎপল দাস
গোলাঘাটঃ ক’ৰ’ণাতংক আৰু লকডাউনৰ মাজতে গোলাঘাটত সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভৰাণ্যৰ ৩৯ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত চৰকাৰী এখন চাউল ভৰ্তি ট্ৰাক লুট পাত চলালে দুখন গাঁৱৰ একাংশ লোকে। এএছ ১৮ চি ৪২৭২ নম্বৰৰ ট্ৰাকখনে শুকুৰবাৰে নিশা নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ভাৰতীয় খাদ্য নিগমৰ ২৭০ বেগ চাউল কঢ়িয়াই নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভৰাণ্যৰ ৩৯ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি টোৱেংচাং অভিমুখে গৈ থকা অৱস্থাত অভৰাণ্যখনৰ আলিছিগাত ট্ৰাকখনৰ যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাগ্ৰস্ত হয়।
ফলত ট্ৰাকৰ চালক হেণ্ডিমেন বিবুধিত পৰি ট্ৰাক তাতে এৰি মেকানিকৰ সন্ধান কৰিবলৈ যাওঁতেই আলিছিগা এলেকাৰ সমীপৰ ঔগুৰি আৰু নিকৰি নামৰ দুখন গাঁৱৰ একাংশ লোকে ট্ৰাকখনে কঢ়িয়াই অনা চাউল লুটপাত চলায়। বহুতে লৈ গ’ল চৰকাৰী চাউল। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্হলীত আৰক্ষী উপস্হিত হৈ তদন্ত অব্যাহত ৰাখি গাঁও দুখনত অভিযান চলাই উদ্ধাৰ কৰিছে চুৰি কৰা চাউল ভৰ্তি বেগসমূহ। ঘটনা সন্দৰ্ভত সোধ পোছৰ বাবে আৰক্ষীয়ে আটক কৰিছে তিনিজন লোকক। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ গোলাঘাটত।













