ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ সময়ত ৰাজ্য পৰিবহন বিভাগে কৰাৰ কামৰ খতিয়ান দাঙি ধৰিলে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।দিছপুৰৰ জনতা ভৱনত আজি এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়- মুখ্যমন্ত্ৰী সোনোৱালৰ নেতৃত্বত ৰাজ্য সকলো বিভাগে ক’ৰনা বিৰোধী যুঁজত ‘টিম আসাম’ হৈ কাম কৰি আছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো বিভাগৰ কাম তদাৰক কৰিছে।যোৱা ২২মার্চ অৰ্থাৎ জনতা সান্ধ্য আইনৰ পৰা ৰাজ্য পৰিবহন বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বুলি উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয়- ২৪-২৮মার্চলৈ বিশেষ বিমান আৰু ট্ৰেইনৰ জৰিয়তে ৰাজ্যলৈ অহা ২৮হাজাৰ যাত্ৰীক পৰিবহন বিভাগে ঠাইলৈ প্ৰেৰণ কৰিছে।
চাৰিজন তেনেদৰে অহা ব্যক্তিক থবলৈ কৰিমগঞ্জলৈ পৰিবহন বিভাগে এখন বাছ প্ৰেৰণ কৰিছিল।ৰাজ্যত যাতে খাদ্য-সামগ্ৰী নাটনিৰ নহয় তাৰ বাবে ৩৫৭খন ৰেল গাড়ী জৰিয়তে শনিবাৰ দিনটোলৈ খাদ্য-সামগ্ৰী আমদানি কৰা হৈছে।ৰাজ্য ১৮খন জিলাৰ ২৮ঠাইত সামগ্ৰী সমূহ আনলোড কৰা হৈছে।আনলোড কৰাৰ কাৰ্যত ৩৩হাজাৰ শ্ৰমিক জড়িত থকা কথা মন্ত্ৰী পাটোৱাৰীয়ে কয়।
তেওঁ লগতে কয় খাদ্য-সামগ্ৰী আমদানি কৰাৰ বাবে পৰিবহন বিভাগে ১৫হাজাৰ ট্ৰাকৰো ব্যৱস্থা কৰিছে।ইতিমধ্যে ৪৪হাজাৰ ৬২৪ট্ৰিপচ অসমলৈ খাদ্য-সামগ্ৰী আহিছে।তাৰ পৰা ৰাজ্য পৰিবহন বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ প্ৰেৰণ কৰিছে খাদ্য-সামগ্ৰী।মণিপুৰ-নাগালেণ্ডলৈ ট্ৰাকৰ জৰিয়তে পৰিবহন বিভাগে সৰবৰাহ কৰিছে ঔষধ।অসম চৰকাৰৰ ফালৰ পৰা ৰাজ্যৰ ভিতৰত আৱদ্ধ হৈ থকা ব্যক্তি সকলক নিজ নিজ ঠাইলৈ প্ৰেৰণ কৰা বাবে আন্তজিলা বাছ সেৱা আৰম্ভ কৰিছিল।
প্ৰথম দিনটোত পৰিবহন বিভাগে ৩০০খন বাছৰ জৰিয়তে ৫ হাজাৰ যাত্ৰীক বিভিন্ন জিলালৈ প্ৰেৰণ কৰিছে।ইফালে আজিও ৬৮৭খন বাছৰ জৰিয়তে ১১৩৪৭জন যাত্ৰীক প্ৰেৰণ কৰা হব নিজ নিজ জিলালৈ।এই কথা জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে।গুৰুত্বপূৰ্ণ কথা এই যে ১০৪জৰিয়তে বিভিন্ন জিলাত আৱদ্ধ হৈ থকা ৪১হাজাৰ যাত্ৰীয়ে নাম পঞ্জীয়ন কৰিছিল।
নাম পঞ্জীয়ন কৰা সকলো ব্যক্তিক পৰিবহন বিভাগে লৈ যাব বুলি জানিব দিয়ে।এই সমূহৰ উপৰিও ২২মার্চ পৰা পুলিচ-জিলা প্ৰশাসনৰ বাবে পৰিবহন বিভাগে যোগান ধৰি আহিছে ২০০খন বাছ এই তথ্য প্ৰকাশ কৰে মন্ত্ৰী পাটোৱাৰীয়ে।













