ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউন বাবে ৰাজ্যৰ কৃষকে উৎপাদিত ফচল বিক্ৰী বাবে চিন্তা কৰিব লগা হৈছে।বিক্ৰী কৰিব নোৱাৰি বহু কৃষকে উৎপাদিত ফচল কুইণ্টলে-কুইণ্টলে পেলাই দিব লগা হৈছে।কৃষিমন্ত্ৰী গৰাকীয়ে কৃষকৰ ফচল বিক্ৰী বাবে উপযুক্ত ব্যৱস্থা কৰিব নোৱাৰি টুলুঙা মন্তব্য বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে।
শেহতীয়া ভাৱে “কৃষকৰ নষ্ট হোৱা ফচল মই খাই পেলালেহে হব” দৰে হাস্যকৰ ভাষ্য কৃষি মন্ত্ৰী গৰাকীয়ে কবলৈ অলপো চিন্তা কৰা নাই।তেনে সময়তে ৰাজ্যৰ পৰিবহণমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কৃষকক দিছে এটা ভাল খবৰ।
কৰিছে।অসমত নহয় বিদেশলৈ ৰপ্তানি কৰিব ৰাজ্য কৃষকে উৎপাদন কৰা ফচল।দিছপুৰত আজি এক সংবাদ মেল সম্বোধন কৰি তেওঁ কয় “এটা কোম্পানীয়ে ৰাজ্য কৃষকে উৎপাদন কৰা শাক-পাচলি চাৰ্টড বিমানেৰে ডুবাই, আবুধাবি আৰু ক্ৰুয়েটলৈ ৰপ্তানি কৰাৰ কথা পৰিবহণ বিভাগৰ সৈতে আলোচনা কৰিছে।
ইতিমধ্যে পৰিবহণ বিভাগে ৰপ্তানি কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিছো।কিন্তু কথাটো কিমান আগবাঢ়িছে নাজানো”।মন্ত্ৰী গৰকীয়ে প্ৰকাশ কৰা অনুসৰি “প্ৰতি দিনে বিমানেৰে ১০টন কৈ দুবাৰ সামগ্ৰী সমূহ নিয়াৰ কথা আমাৰ আগত কোম্পানীটোৱে কৈছে”।













